মহানগৰীত জব্দ নকল সোণ: আটক ৩সৰবৰাহকাৰী...

মহানগৰীত জব্দ নকল সোণ: আটক ৩সৰবৰাহকাৰী...

author-image
Asomiya Pratidin
New Update
মহানগৰীত জব্দ নকল সোণ: আটক ৩সৰবৰাহকাৰী...

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ আজাৰৰ যোগীপাৰাত আৰক্ষী আৰু এছ টি এফয়ে ৫জুলাইত চলোৱা এক যুটীয়া অভিযানত জব্দ কৰে নকল সোণ। এই অভিযানত ১.৮৩২ কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাও, চাৰিটা মোবাইল ফোন, এখন ৫০০ টকীয়া নোট, দুটা পাৰ্ছ, এটা টাইটানৰ ঘড়ী জব্দ কৰিছে।

Advertisment

এছটিএফয়ে যোগীপাৰাৰ গ্যালাক্সি গেষ্ট হাউচৰ ২০৭ নং কোঠাৰ পৰা সামগ্ৰীসমূহ জব্দ কৰে। উক্ত ঘটনাৰ লগত জড়িত তিনি সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে। আটক কৰা ৩সৰবৰাহকাৰীৰ নাম ফুলজাৰ হুছেইন (২৪), ইনামুল আলী (২৪), নিজাম উদ্দিন (৩৩)। তিনিজন সৰবৰাহকাৰীৰ লখিমপুৰৰ বুলি জানিব পৰা গৈছে। উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Also Read: নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্য্যসূচী...