/asomiyapratidin/media/media_files/2025/12/08/whatsapp-ima-2025-12-08-19-04-19.jpeg)
ডিজিটেল ডেস্কঃ চৰকাৰে দেশৰ নাগৰিকসকলক ই-পেন কার্ড ডাউনলড কৰিবলৈ আহ্বান জনোৱা বুলি বহুলভাৱে প্ৰচাৰিত এটা ই-মেইলৰ সত্যতা কেন্দ্ৰীয় চৰকাৰে অস্বীকাৰ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে এই ই-মেইলটোক ভিত্তিহীন বুলি অভিহিত কৰিছে।
চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এই ই-মেইলটো সম্পূৰ্ণ ভুৱা আৰু ইয়াৰ সৈতে চৰকাৰৰ কোনো সম্পৰ্ক নাই। প্ৰচাৰিত ই-মেইলটোত দাবী কৰা হৈছিল যে চৰকাৰে দেশৰ নাগৰিকসকলৰ বাবে ই-পেন কাৰ্ড ডাউনলোড কৰাটো বাধ্যতামূলক কৰিছে।
লক্ষ্যণীয় যে, এই ই-মেইলত প্ৰায়ে এক সন্দেহজনক লিংক সংযোগ কৰা থাকে, য'ত ক্লিক কৰিলে উপভোক্তাৰ ব্যক্তিগত তথ্য চুৰি হোৱাৰ সম্ভাৱনা থাকে।
নাগৰিকসকলক তেওঁলোকৰ বিত্তীয় তথা আন যিকোনো ধৰণৰ সংবেদনশীল তথ্যৰ বিষয়ে জানিবলৈ বিচৰা এনে ধৰণৰ ই-মেইল তথা লিংক, ফোনকল আৰু এছ এম এছৰ প্ৰতি সঁহাৰি নজনাবলৈকো গোটটোৱে সকলোকে আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us