/asomiyapratidin/media/media_files/2024/12/13/nXUAmLDhGhDgNAkRbIBr.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ আটানী আৰক্ষী চকীৰ অন্তৰ্গত পিয়াজ বাৰী বানিয়ামাৰীত শুক্ৰবাৰে আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসক । জানিব পৰা মতে বৰপেটাৰ মোহৰ আলী নামৰ ব্যক্তিজনে নিজকে চিকিৎসক হিচাপে পৰিচয় দি গাঁৱলীয়া সহজ-সৰল ৰাইজক বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ নামত প্ৰতিজন ৰোগীৰ পৰা ৬-১০ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰে ।
গ্ৰামাঞ্চলত দালাল নিয়োগ কৰি ভুৱা চিকিৎসক মোহৰ আলীয়ে ৰোগী আনি চিকিৎসা প্ৰদান কৰাৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহ কৰে । শুক্ৰবাৰে পিয়াজবাৰী বাণিয়া মাৰীত চিকিৎসা প্ৰদান কৰি থকা অৱস্থাত আটানি আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই ভুৱা চিকিৎসক মোহৰ আলীৰ লগতে আন দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।