ৰাজ্যৰ ইউ এ আৰু ইউ বি কনিষ্টবল পদৰ নিযুক্তিৰ ক্ষেত্ৰত দেখা গ'ল ব্যাপক জালিয়াতি...

প্রমাণ পত্র জালিয়াতিৰ গোচৰত আৰু ৩ জনক গ্রেপ্তাৰ চি আই ডিৰ

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ ইউ এ আৰু ইউ বি কনিষ্টবল পদৰ নিযুক্তিৰ ক্ষেত্ৰত দেখা গ'ল ব্যাপক জালিয়াতি...

ডিজিটেল ডেস্ক : ৰাজ্যৰ ইউ এ আৰু ইউ বি কনিষ্টবল পদৰ নিযুক্তিৰ ক্ষেত্ৰত দেখা গ'ল ব্যাপক জালিয়াতি । নিযুক্তিৰ বাবে প্ৰয়োজনীয় কম্পিউটাৰ প্ৰশিক্ষণৰ ভুৱা প্ৰমাণ পত্ৰ জমা দি নিযুক্তি লাভ কৰিছিল বহু কেইজন পৰীক্ষাৰ্থীয়ে । কিন্তু নিযুক্তিৰ পাছত প্ৰয়োজনীয় কৰ্তব্যৰ সময়ত কম্পিউটাৰৰ সাম্যক জ্ঞানৰ অভাৱে নিযুক্তি প্ৰাপ্ত সকলৰ বিৰুদ্ধে সন্দেহৰ সৃষ্টি কৰিছিল । তাৰ পাছতেই অপৰাধ অনুসন্ধানকাৰী সংস্থাৰ উদ্যোগত চলা এক তদন্তৰ ভিত্তিত এতিয়ালৈ গ্ৰেপ্তাৰ হ'ল সৰ্বমুঠ ১১ জন ব্যক্তিক ।

Advertisment

ৰাজ্যৰ শিক্ষা আৰু নিযুক্তি ব্যৱস্থাটোক চৰম উপহাস কৰি মিথ্যা প্ৰমাণ পত্ৰেৰে নিযুক্তি লাভ কৰাটো অতি দুৰ্ভাগ্যজনক । এনে জালিয়াতিৰ ফলত বহু যোগ্য পৰীক্ষাৰ্থীয়ে লাভ নকৰিলে নিযুক্তি ।

সোমবাৰে তেনে এক সন্দেহত অপৰাধ অনুসন্ধানকাৰী সংস্থাই ৮ গৰাকী অভিযুক্ত পৰীক্ষাৰ্থীক তলব দিছিল অনুসন্ধানৰ বাবে । পৰৱৰ্তী সময়ত অনুসন্ধানৰ আধাৰতেই বুধবাৰেও আন ৩ গৰাকী ব্যক্তিক আটক কৰে চি আই ডিয়ে । তথ্য অনুসৰি, আজি আদালতত হাজিৰ কৰোৱা হ'ব এই ১১ গৰাকী পৰীক্ষাৰ্থীক ।

উল্লেখ্য যে, সোমবাৰে তলব কৰাৰ পাছতো মঙলবাৰেহে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল পৰীক্ষাৰ্থী কেইগৰাকী আৰু দিনজোৰা তদন্তৰ অন্তত ভুৱা প্ৰমাণ পত্ৰৰ বাবে গোচৰ ৰুজু কৰে পৰীক্ষাৰ্থী কেইগৰাকীৰ বিৰুদ্ধে ।

assam cid