ভুৱা আধাৰ কাৰ্ড প্ৰস্তুতৰ লগত জড়িত পাঁচজনক আটক আৰক্ষীৰ

আৰক্ষীয়ে তেওঁলোকক অবৈধভাবে আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্যত জড়িত থকাৰ সন্দেহ কৰিছে। ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰাত জড়িত থকাৰ অভিযোগত বিহাৰৰ জ্ঞান প্ৰকাশ আৰু উত্তৰ প্ৰদেশৰ আদিত্য কুছৱাহা, অৱনীশ কুমাৰকো নগাঁও আৰক্ষীয়ে আটক কৰিছে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, নগাঁও: নগাঁও আৰু মৰিগাঁও জিলাৰ লগতে আন কেইবাখনো জিলাত জনসংখ্যাতকৈ আধাৰ কাৰ্ডৰ সংখ্যা অধিক হোৱাত ৰাজ্য চৰকাৰ উদ্বিগ্ন হৈ পৰিছে। যাৰ বাবে এন আৰ চিত আবেদন নকৰা কোনো লোকে আধাৰ কাৰ্ড লাভ নকৰিব বুলি ৰাজ্যিক কেবিনেটে শেহতীয়াকৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী।

Advertisment

ইয়াৰ অংশ হিচাপে শুক্ৰবাৰে নগাঁও আৰক্ষীয়ে জুৰীয়াৰ চিতলমাৰী বিলত অভিযান চলাই ছেলিমউদ্দিন নামৰ এজন কম্পিউটাৰ প্ৰতিষ্ঠানৰ গৰাকীক আটক কৰাৰ লগতে বাহাৰুল ইছলাম নামৰ আন এজন লোককো আটক কৰে। তেওঁলোকৰ পৰা আৰক্ষীয়ে বিভিন্ন ইলেকট্ৰনিক সামগ্ৰীৰ লগতে কেতবোৰ নথি-পত্ৰ জব্দ কৰি জেৰা অব্যাহত ৰাখিছে।

আৰক্ষীয়ে তেওঁলোকক অবৈধভাবে আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্যত জড়িত থকাৰ সন্দেহ কৰিছে। ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰাত জড়িত থকাৰ অভিযোগত বিহাৰৰ জ্ঞান প্ৰকাশ আৰু উত্তৰ প্ৰদেশৰ আদিত্য কুছৱাহা, অৱনীশ কুমাৰকো নগাঁও আৰক্ষীয়ে আটক কৰিছে ।

বহি:ৰাজ্যৰ এই লোক কেইজনৰ সৈতে মিলি জুৰীয়াৰ লোককেইজনে অবৈধভাবে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি থকাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে তেওঁলোক চাইবাৰ অপৰাধত জড়িত থকাটো নিশ্চিত কৰিছে। বৰ্তামানে অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।

জুৰীয়া নগাওঁ