প্ৰতিযোগিতামূলক পৰীক্ষাত বিফল : ছাত্ৰই ল’লে চৰম পন্থা

জানিব পৰা মতে ছাত্ৰগৰাকীয়ে দুবাৰকৈ ইউ পি এছ চি পৰীক্ষাৰ প্ৰিলিমছত বিফল হৈ মঙলবাৰে নিজৰ কোঠাত চৰম পন্থা গ্ৰহণ কৰে। নিহত ছাত্ৰগৰাকীৰ নাম হৈছে

author-image
Asomiya Pratidin
New Update
student copy

ডিজিটেল ডেস্ক : প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ’ব নোৱাৰি এগৰাকী ছাত্ৰই বাচি ল’লে চৰম সিদ্ধান্ত। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ চেৰুকুথেটা এলেকাত। 

Advertisment

জানিব পৰা মতে ছাত্ৰগৰাকীয়ে দুবাৰকৈ ইউ পি এছ চি পৰীক্ষাৰ প্ৰিলিমছত বিফল হৈ মঙলবাৰে নিজৰ কোঠাত চৰম পন্থা গ্ৰহণ কৰে। নিহত ছাত্ৰগৰাকীৰ নাম হৈছে- এ ছাই থাৰুন। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ২৪ বছৰ। 

আনহাতে পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি বিগত চাৰি বছৰে তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। বিগত সময়ত দুবাৰকৈ তেওঁ ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 

অৱশ্যে দুয়োবাৰে তেওঁ এই পৰীক্ষাত সফল হ’ব পৰা নাছিল। যাৰ বাবে তেওঁ তীব্ৰ হতাশাত ভুগিছিল। ইতিমধ্যে ঘটনা সম্পৰ্কত আৰক্ষীয়ে তদন্ত চলাই আছে। পিতৃ-মাতৃকো এই সন্দৰ্ভত সোধা- পোছা কৰিছে আৰক্ষীয়ে।

হায়দৰাবাদ