Advertisment

আকৌ নতুন ভাইৰাছঃ চীনত হাঁহাকাৰ! কি ক'লে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে...

চীনত আকৌ হাঁহাকাৰ পৰিস্থিতি। কোৰোনা ভাইৰাছৰ সময়ত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল ঠিক একেই পৰিস্থিতি এতিয়া চীনত। হাস্পাতালত ভিৰ বাঢ়িছে ৰোগীৰ, অভাৱ হৈছে চিকিতসা সামগ্ৰীৰ। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে চীনৰ এই হাঁহাকাৰ পৰিস্থিতিৰ বহু ভিডিঅ।

author-image
Asomiya Pratidin
New Update
চীনত কোৰোনা সদৃশ নতুন ভাইৰাছ!

চীনত কোৰোনা সদৃশ নতুন ভাইৰাছ! Photograph: (চীনত কোৰোনা সদৃশ নতুন ভাইৰাছ!)

ডিজিটেল ডেস্কঃ চীনত আকৌ হাঁহাকাৰ পৰিস্থিতি। কোৰোনা ভাইৰাছৰ সময়ত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল ঠিক একেই পৰিস্থিতি এতিয়া চীনত। হাস্পাতালত ভিৰ বাঢ়িছে ৰোগীৰ, অভাৱ হৈছে চিকিতসা সামগ্ৰীৰ। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে চীনৰ এই হাঁহাকাৰ পৰিস্থিতিৰ বহু ভিডিঅ।

Advertisment

দৰাচলতে চীনত অতিপাত বৃদ্ধি পাইছে হিউমেন মেটানিউমো ভাইৰাছৰ আতংক। চীনৰ এই নতুন ভাইৰাছত আক্ৰান্ত হৈছে বহু লোক। সামাজিক মাধ্যমত একাধিক পোষ্ট বিয়পি পৰিছে। এই ৰোগত আক্ৰান্ত হৈছে মূলত শিশু আৰু বয়োজ্যেষ্ঠ লোকসকল।

এইচএমপিভি ভাইৰাছে আক্ৰমণ কৰে শৰীৰৰ হাওঁফাওঁত। ফলত নিউমোনিয়া, হোৱাইট লাঙৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ভাৰততো এতিয়া এই ভাইৰাছৰ আতংক। অৱশ্যে ভাৰতত এতিয়ালৈ এই ৰোগত কোনো লোক আক্ৰান্ত হোৱা নাই বুলি জনাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।

এইচএমপিভিৰ উপসৰ্গবোৰ হ’ল - চৰ্দি, কাহ, নাক বোৱা, ডিঙিৰ বিষ আজি। এই ভাইৰাছৰ এতিয়ালৈ ভেকচিন নথকাত চিন্তিত হৈছে চিকিৎসকসকল।  চীনৰ স্বাস্থ্য কৰ্তৃপক্ষৰ মতে, এই ভাইৰাছ দেশখনৰ উত্তৰ অঞ্চলত বিয়পি পৰিছে। চীনা ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই নিশ্চিত কৰিছে যে উত্তৰ চীন আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। HMPVয়ে সকলো বয়সৰ লোকক সংক্ৰমিত কৰিব পাৰে।

এই ৰোগ শিশুৰ মাজত সহজে সংক্ৰমিত হ’ব পাৰে, যাৰ ফলত জনস্বাস্থ্যৰ উদ্বেগ অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ চীনত বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ মাজত এই শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ঘটনা অতি দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে। এই ভাইৰাছৰ লক্ষণ চৰ্দি আৰু ফ্লুৰ দৰেই – জ্বৰ, কাহ, নাকেৰে পানী ওলোৱা আৰু কেতিয়াবা উশাহ লোৱাত কষ্ট হোৱা। গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত নিউমোনিয়াৰ দৰে জটিলতা আহিব পাৰে। 

চীনৰ চিকিতসকে শেহতীয়াকৈ সদৰি কৰা অনুসৰি, HMPV নতুন ৰোগ নহয়। ২০০১ চনত ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল আৰু প্ৰতি বছৰে ঋতুভিত্তিক সংক্ৰমণ হিচাপে ই দেখা দিয়ে। এই ৰোগক লৈ বিভিন্ন উৰাবাতৰি বিয়পিছে যদিও  এই সন্দৰ্ভত চীন চৰকাৰ বা বিশ্ব স্বাস্থ্য সংস্থাই (WHO) কোনো আনুষ্ঠানিক সতৰ্কবাণী জাৰি কৰা নাই।

চীন