ফেচুবকে এইবাৰ বিচাৰি দিব জীৱনসংগী

ফেচুবকে এইবাৰ বিচাৰি দিব জীৱনসংগী

author-image
asomiyapratidin
New Update
ফেচুবকে এইবাৰ বিচাৰি দিব জীৱনসংগী

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা আপুনি জীৱন সংগী বিছাৰি কোনো ঘটকৰ সহায় ল'ব নালাগে। আপোনাৰ কষ্টৰ কথা চিন্তা কৰিয়েই এইবাৰ ফেচবুকে লৈছে এই গধুৰ দায়িত্ব।

Advertisment

সমগ্ৰ বিশ্ববাসীক বন্ধুৰ সন্ধান দি সফলতা অৰ্জন কৰাৰ পিছত এইবাৰ পোনপটীয়াকৈ জীৱন সংগীৰ সন্ধান দিবলৈ ওলাইছে মাৰ্ক জুকাৰবাৰ্গৰ প্ৰতিষ্ঠানটোৱে।

প্ৰকাশিত বাতৰি অনুযায়ী ফেচবুকে অচিৰেই সমগ্ৰ বিশ্বতে মুকলি কৰিব এক বিশেষ ডেটিং ব্যৱস্থা। এই ব্যৱস্থাৰ জৰিয়তে সংগীৰ সন্ধানত থকা সকলে সহজেই বিচাৰি পাব মন পছন্দৰ জীৱন সংগী। ইতিমধ্যে এই ডেটিং ব্যৱস্থাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষামূলক কাম-কাজ সমাপ্ত কৰিছে।

প্ৰথমে আমেৰিকাত কৰ্মৰত ফেচবুক কৰ্মচাৰীসকলৰ মাজতে পৰীক্ষামূলকভাৱে এই ব্যৱস্থা মুকলি কৰিছে ফেচবুক কৰ্তৃপক্ষই। ফেচবুক কৰ্তৃপক্ষই জনাইছে যে ডেটিং ব্যৱস্থা কেৱল কথা-বতৰাতেই সীমাৱদ্ধ নাথাকে, এজনে আনজনৰ বিষয়ে বিতং ভাৱে জানিব পৰাকৈ সকলো সুবিধাই ইয়াত উপলব্ধ হ'ব।

বন্ধু গঢ়াত সহায় কৰি প্ৰশংসা বুটলিবলৈ সমৰ্থ হোৱা ফেচবুকে এতিয়া জীৱন সংগী বিচাৰি দিয়া কামটোক বিশ্ববাসীয়ে কেনেদৰে লয় সেয়া সময়হে ক'ব।

উল্লেখ্য যে ডেটিং ব্যৱস্থা নথকাকায়ে বিগত সময়ছোৱাত ফেচবুকৰ জৰিয়তে বিশ্বৰ ভিন্ন প্ৰান্তত অসংখ্যা লোকে জীৱন সংগীৰ সন্ধান কৰি সুখৰ সংসাৰ গঢ়িবলৈ সমৰ্থ হৈছে। তালৈ চাই এই ডেটিং ব্যৱস্থাই অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিব বুলি ধাৰণা কৰিছে ছ'চিয়েল মিডিয়া বিশেষজ্ঞসকলে।