/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/facebook_election-commision-of-india-e1511875882433.jpg)
ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত বুধবাৰে তথ্য-প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰণালয়ৰ সৈতে ফেচবুকৰ শীৰ্ষ বিষয়ববীয়াৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকখনত ভাগ লয় ফেচবুকৰ উপাধ্যক্ষ জেএল কপলান আৰু ভাৰতবৰ্ষৰ ফেচবুকৰ শীৰ্ষ বিষয়া অজিত মোহন আৰু অংকিতা দাসে।
এই বৈঠকৰ অন্তত ফেচবুকৰ উপাধ্যক্ষগৰাকীয়ে সংবাদমাধ্যমৰ সন্মুখত কয় যে- ভাৰতবৰ্ষৰ সংসদীয় কাম-কাজত সহযোগিতা কৰিবলৈ পাই আমি খুবেই সুখী। আগন্তুক নিৰ্বাচনত ছচিয়েল মিডিয়াত যাতে একো বিসংগতি নহয় তাৰ প্ৰতিও আমি সৰ্তক দৃষ্টি ৰাখিম।'
উল্লেখ্য যে অনুৰাগ ঠাকুৰৰ নেতৃত্বত চৰকাৰে গঠন কৰি দিয়া এক পেনেলে নিৰ্বাচনৰ পূৰ্বতে 'গ্লৱেল পাব্লিক পলিচী' নামৰ এক কাৰ্যসূচীৰ যোগেদি বিশ্বৰ সকলো ছচিয়েল মিডিয়াৰ বিষয়ববীয়া সৈতে বৈঠকত মিলিত হ'ব। আগন্তুক লোকসভা নিৰ্বাচন সম্পূৰ্ণ নিকা আৰু বিসংগতি নোহোৱাকৈ যাতে অনুষ্ঠিত কৰিব পৰা যায়, সেই দিশত ছচিয়েল মিডিয়াই পাৰ্যমানে সহায় কৰিবলৈ অনুৰোধ জনাব এই পেনেলটোৱে।
উল্লেখ্য যে, শেহতীয়া এক তথ্য অনুসৰি সমগ্ৰ বিশ্বত ফেচবুকৰ মুঠ ব্যৱহাৰকাৰী আছে প্ৰায় ৩০০ মিলিয়ন, হোৱাটছ এপৰ ২০০ মিলিয়ন আৰু ইষ্টাগ্ৰামৰ ৭৫ মিলিয়ন ব্যৱহাৰকাৰী আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us