ফেচবুক মেছেঞ্জাৰ আপডেট কৰক, লাভ কৰিব নতুন সুবিধা…

ফেচবুক মেছেঞ্জাৰ আপডেট কৰক, লাভ কৰিব নতুন সুবিধা…

author-image
asomiyapratidin
New Update
ফেচবুক মেছেঞ্জাৰ আপডেট কৰক, লাভ কৰিব নতুন সুবিধা…

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ছ'চিয়েল নেটৱৰ্কিং ছাইট ফেচবুক ব্যৱহাৰকাৰীৰ বাবে আৰু অধিক সুবিধা উপলব্ধ কৰোৱা হৈছে। মেছেঞ্জাৰ এপ 'ফেচবুক মেছেঞ্জাৰ'ত এতিয়াৰে পৰা আনছেণ্ড (Unsend)) ফিচ্চৰ সংযোগ কৰা হৈছে। যাৰ দ্বাৰা ফেচবুক মেছেঞ্জাৰ ব্যৱহাৰ কৰা কোনো লোকে যদি বিচাৰে তেন্তে মেছেজ পঠিওৱা ১০ মিনিটৰ ভিতৰত সেই মেছেজটো 'আনছেণ্ড' বা সদায়ৰ বাবে ডিলিট কৰিব পাৰে।

Advertisment

এক সমীক্ষাত প্ৰকাশ কৰা অনুসৰি- 'ফেচবুকে আই অ' এছ আৰু এণ্ড্ৰইড ম'বাইলত এই সুবিধা আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা উপলব্ধ হ'ব। মেছেঞ্জাৰ ব্যৱহাৰকাৰীক অধিক কাৰ্যক্ষমতা প্ৰদানৰ বাবে এনে ধৰণৰ সুবিধা উপলব্ধ কৰোৱা হৈছে।'

উল্লেখ্য যে, এই সুবিধাটো হোৱাটছএপৰ 'আনছেণ্ড' ফিচ্চৰ দৰেই। এই নতুন সুবিধাটোত ব্যৱহাৰকাৰীয়ে দুটা বিকল্প লাভ কৰিব। প্ৰথমটো হ'ল 'ৰিমোভ ফ'ৰ এফ্ৰিৱান' আৰু দ্বিতীয়টো 'ৰিমোভ ফ'ৰ ইউ'।