ইউৰিয়া দিয়া মাছ স্বাস্থ্যৰ বাবে বেয়াঃ ফেচবুক লাইভত মুখ্যমন্ত্ৰীৰ বহুকেইটা ঘোষণা...

ইউৰিয়া দিয়া মাছ স্বাস্থ্যৰ বাবে বেয়াঃ ফেচবুক লাইভত মুখ্যমন্ত্ৰীৰ বহুকেইটা ঘোষণা...

author-image
Asomiya Pratidin
New Update
ইউৰিয়া দিয়া মাছ স্বাস্থ্যৰ বাবে বেয়াঃ ফেচবুক লাইভত মুখ্যমন্ত্ৰীৰ বহুকেইটা ঘোষণা...

ডিজিটেল ডেস্কঃ চৰকাৰী কাম-কাজৰ খতিয়ান লৈ অন্য দিনাৰ লগে শনিবাৰে নিশাও ফেচবুক লাইভ লৈ আহিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এইবেলি বিধানসভাৰ শৰতকালীন অধিৱেশনত গৃহীত হোৱা বিধেয়কবোৰৰ গুৰুত্ব আৰু উপকাৰিতাৰ বিষয়ে পুংখানুপুংখভাৱে বাখ্যা আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Advertisment

ড০ শৰ্মাই কথাৰ প্ৰসংগত কয় যে, অহা ৩ছেপ্তম্বৰত তেওঁ লখিমপুৰ ভ্ৰমণলৈ যাব। যাওতে বিভিন্ন স্থান পৰিদৰ্শন কৰি যোৱাৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে, ৪ছেপ্তেম্বৰত লখিমপুৰত অনুষ্ঠিত হ'ব কেবিনেটৰ বৈঠক।

কেবিনেট বৈঠকৰ প্ৰসংগত ওলাওতেই ড০ শৰ্মাই কয় যে, কেবিনেট বুলি কওঁতেই খানা-পিনাক লৈ বিভিন্ন চৰ্চা হয়। কিন্তু এইবেলি মই সকলো মন্ত্ৰীকে জনাই দিছো যে, চৰকাৰী খৰছত এইবাৰ কোনো খানা নহয়। দলীয় কৰ্মী তথা বুথ পৰ্যায়ৰ নেতাৰ ঘৰত এইবাৰ মন্ত্ৰীসকলে খাদ্য গ্ৰহণ কৰিব। লগতে জিলা প্ৰশাসনকো কোনো বিশেষ খানা প্ৰস্তুত নকৰিবলৈ নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইফালে শেহতীয়াকৈ চলি থকা মাছ বিৰ্তকক লৈও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ইউৰিয়া দিয়া মাছ স্বাস্থ্যৰ পক্ষে হানিকাৰক। গতিকে যদিহে উজনিৰ মানুহে নিজে মাছ উৎপাদন কৰাৰ কথা ভাৱিছে সেয়া ভাল খবৰ। ই ৰাজ্যৰ অৰ্থনীতি সবল কৰিব। এয়া কেৱল ৰাজনৈতিক দৃষ্টিকোণেৰে চোৱা বিষয় নহয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা