/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/hhhlllooo.jpg)
ডিজিটেল ডেস্কঃএনে দিন আহি আছে, আধাৰ নহলে আপোনাৰ একো নহব। খুলিব নোৱাৰিব ফেচবুকৰ সাধাৰণ একাউন্ট এটাও। ইতিমধ্যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ফেচবুকৰ এক আবেদনৰ শুনানি চলি আছে। ন্যায়ালয়ত দাখিল কৰা আবেদনত ফেচবুকৰ প্ৰফাইলৰ সৈতে আধাৰ নম্বৰ লিংক কৰিবলৈ বিভিন্ন উচ্চ ন্যায়ালয়ত চলা গোচৰ উচ্চতম ন্যায়ালত এখন বিচাৰপীঠত চলাবলৈ আবেদন জনাইছিল ফেচবুকে।
উচ্চতম ন্যায়ালয়ক দীপক গুপ্তাৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই বিষয়তো বিস্তৃতভাৱে আলোচনা কৰিবলৈ অধিক তথ্য- প্ৰমাণ দাখিলৰ নিৰ্দেশ দিছে। সোমবাৰে তামিলনাডু চৰকাৰে ছচিয়েল মিডিয়াৰ প্ৰফাইল সমূহ সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা, ভুৱা নিউজ প্ৰচাৰ প্ৰতিৰোধ আৰু পৰ্ণগ্ৰাফীৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ বাবে ছচিয়েল মিডিয়াৰ প্ৰফাইলেৰে আধাৰ কাৰ্ড সংলগ্ন কৰাৰ সপক্ষে মতপোষণ কৰে।
ৰাজ্যখনে ন্যায়ালয়ক লগতে জনায় যে, আই আই টিৰ সৈতে হোৱাটছ এপৰ পৰা প্ৰেৰণ কৰা মূল বাৰ্তাৰ চিনাক্ত কৰিবলৈ পথ নিৰ্ণয়ৰ বাবে তেওলোকে কাম কৰি আছে। কেইবাখনো উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত তৰা গোচৰ সমূহ এখন বিচাৰপীঠত বিচাৰ কৰিবলৈ সকলো গোচৰ উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ বাবে ফেচবুকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
বিভিন্ন উচ্চ ন্যায়ালয়ত তৰা গোচৰ সমূহৰ ক্ষেত্ৰত পৃথক দৃষ্টিকোণ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ শংকা কৰি এনে সকলোবোৰ গোচৰ উচ্চতম ন্যায়ালয়ৰ এই বিচাৰপীঠলৈ স্থানান্তৰ কৰাৰ বাবে ফেচবুকে আবেদন কৰিছিল।
এই সন্দৰ্ভত এটা গোচৰত তামিলনাডু চৰকাৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ত চলি থকাৰ কথা উল্লেখ কৰি ফেচবুকৰ এই আবেদন বিৰোধিতা কৰিছে ৰাজ্যখনে। এই গোচৰত ১৮ টাকৈ শুনানি অনুষ্ঠিত কৰা বুলিয়ো জনাইছে তামিলনাডু চৰকাৰে। ২০১৮ চনৰ জুলাই মাহত আধাৰ কাৰ্ডৰ সৈতে ছচিয়েল মিডিয়াক সংযুক্ত কৰিবলৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হৈছিল।
এনে কৰিলে ব্যক্তিৰ গোপনীয়তা বুলিবলৈ একো নথকা বিষয়চো গুৰুত্ব সহকাৰে বিবেচনা কৰিছে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত চলি থকা গোচৰ সমূহ উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰা সন্দৰ্ভত ফেচবুকৰ আবেদন গ্ৰহণ কৰি টুইটাৰ, গুগুল, ইউ টিউবলৈ জাননী প্ৰেৰণ কৰিছে। এই গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ দিন ঠিক কৰিছে ১ ছেপ্তম্বৰত।