ভাৰতত ফেচবুকত চকু ৰাখিব অজিত মোহনে

ভাৰতত ফেচবুকত চকু ৰাখিব অজিত মোহনে

author-image
asomiyapratidin
New Update
ভাৰতত ফেচবুকত চকু ৰাখিব অজিত মোহনে

ডিজিটেল ডেস্কঃ নিযুক্তি দিয়া হ'ল ভাৰতৰ ফেচবুকৰ সেনাপতিজনক। মঙলবাৰে ফেচবুকে ভাৰতৰ নতুন পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়ে অজিত মোহনক।

জনপ্ৰিয় অনলাইন টেলিভিছন 'হটষ্টাৰ'ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত অজিত মোহনে ভাৰতৰ ফেচবুকৰ উপসভাপতি হিচাপেও দায়িত্ব অৰ্পণ কৰিছে। যোৱা এবছৰ ধৰি খালী আছিল ফেচবুকৰ এই দুটা পদ।

দীৰ্ঘদিন ধৰি অজিত মোহনৰ অনলাইন জগতত থকা নিজৰ অভিজ্ঞতাৰ ভিত্তিত এই দুয়োটা পদতে নিযুক্তি দিয়া হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে ফেচবুকৰ উপাধ্যক্ষ ডেভিদ ফিচাৰে।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে ফেচবুকে নিজৰ পে'জৰ পৰা ভুৱা খবৰ আতৰাবৰ বাবে এক নতুন পৰিকল্পনা কৰিছিল। এই বিষয়ত অজিত মোহনক বিশেষ ব্যৱস্থা ল'বলৈকো পৰামৰ্শ প্ৰদান কৰিছে ফেচবুকৰ মুখ্য কাৰ্যালয়ে।