ভাইৰেল নহ’ব পোষ্ট! ফেচবুকত কৰিব সালসলনি…

ভাইৰেল নহ’ব পোষ্ট! ফেচবুকত কৰিব সালসলনি…

author-image
asomiyapratidin
New Update
ভাইৰেল নহ’ব পোষ্ট! ফেচবুকত কৰিব সালসলনি…

ডিজিটেল ডেস্কঃ ফেচবুকে লৈছে নতুন সিদ্ধান্ত। ফেচবুকত ক্ষতিকাৰক কোনো পোষ্ট ভাইৰেল নোহোৱাৰ বাবে লোৱা হ'ব পদক্ষেপ। ফেচবুকে কয় যে, সত্যতাপূৰ্ণ নোহোৱা কোনো পোষ্ট ভাইৰেল নোহোৱাৰ বাবে গ্ৰহণ কৰা হ'ব পদক্ষেপ।

Advertisment

ফেচবুকৰ উপাধ্যক্ষ মণিকা বিকৰ্টে কয়- 'আমি এইটো সুনিশ্চিত কৰিব বিচাৰিছো যে, ফেচবুক ব্যৱহাৰকাৰীয়ে  কোনো পোষ্ট যদি ফেচবুকত চাই তেন্তে সেই পোষ্টটোৰ সত্যতাৰ প্ৰমাণ থাকিব লাগিব। আৰু আমি বিচাৰ, কোনো লোকে ফেচবুকৰ অপব্যৱহাৰ নকৰে যেন।'

এই সন্দৰ্ভত ফেচবুক কৰ্তৃপক্ষই লগতে কয় যে,এনেধৰণৰ পোষ্টসমূহ সীমিত কৰাৰ বাবে সত্যতাৰ উপৰিও নিৰাপত্তা, গৰিমাৰ দিশটোও চোৱাহ'ব। আৰু আমি দেখি আহিছো যে, এনে ধৰণৰ পোষ্টে ইন্টাৰনেটৰ অপব্যৱহাৰ কৰে। তদুপৰিআমি ফেচবুকৰ মঞ্চখনক সুৰক্ষিত মঞ্চ হিচাপে গঢ়ি তোলাৰ বাবেহে প্ৰতিশ্ৰুতিবদ্ধ।