/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/FACE-APP.jpg)
ডিজিটেল ডেস্কঃ যোৱা কেইদিনমানৰে পৰা ছ'চিয়েল মিডিয়াত চৰ্চাৰ সবাতোকৈ শীৰ্ষত আছে এটা বিষয়, নাম ফেচ এপ। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা প্ৰায় ৯০ শতাংশ লোকে ব্যৱহাৰ কৰিছে এই এপটো। অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰা এই এপটোক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে বিৰ্তকৰ।
/https://media.assettype.com/asomiyapratidin/import/wp-content/uploads/2019/07/1563501651-3d6f08440f452d8bc332b7a919f98c16.jpg)
ফেচ এপ কি-
ফেচ এপ হৈছে এনে এবিধ এপ যাৰ জৰিয়তে কোনো লোকৰ মুখমণ্ডল নিমিষতে সলনি কৰিব পাৰে। ২০১৭ চনৰ জানুৱাৰী মাহত ৰাচিয়াৰ 'ৱাৰলেচ লেব' নামৰ এক প্ৰতিষ্ঠানে প্ৰস্তুত কৰিছিল এই এপতো। আই অ এছ আৰু এন্ডৰয়ড দুয়োটা চিষ্টেমতে এই এপতো ইনষ্টল কৰিব পৰা হয়। এই এপে ফটো এডিট কৰিবলৈ নিউৰেল নেটৱৰ্কৰ ব্যৱহাৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/FFFA.jpg)
এন্ডৰয়ড ফোনত যদি এই এপটো ডাউনলড কৰা হয় তেন্তে ইয়াৰ আকাৰ হ'ব প্ৰায় ২৪ এম বি। প্ৰথমভাগত এই এপটো বৰ বেছি জনপ্ৰিয় নাছিল যদিও শেহতীয়াকৈ এই এপটো ১০০ মিলিয়ন মানুহে গুগল প্লে ষ্টৰৰ পৰা ডাউনলড কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/wp-content/uploads/2017/04/mark.jpg)
ফেচ এপত কেনেকৈ কাম কৰেঃ
কোনো লোকে যদি ফেচ এপ ডাউনলড কৰিব বিচাৰে তেন্তে ইয়াক অন্যবোৰ এপৰ নিচিনাকৈয়ে অতি সহজ প্ৰক্ৰিয়াৰে ডাউনলোড কৰিব পাৰি। ডাউনলোড প্ৰক্ৰিয়া যিদৰে সহজ তাতোকৈ সহজ এই এপত ব্যৱহাৰ কৰাটো। এপটো ডাউনলড কৰাৰ পাছতে ব্যৱহাৰকাৰীয়ে নিজৰ ফোনত থকা ফটো গেলেৰীৰ পৰা ফটো নিৰ্বাচন কৰি নিজে বিচৰাধৰনে ডেকা, বুঢ়াকে ধৰি ভিন্ন ৰূপ দিব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/hindi/sites/default/files/2019/07/18/407536-faceapp-exp.jpg)
শেহতীয়াকৈ ছবিজগতৰ পৰা আদি কৰি ক্ৰীড়া জগতৰ বহু তাৰকাৰ ফেচ এপৰ জৰিয়তে বৃদ্ধকালৰ ফটো ছ'চিয়েল মিডিয়াত ছেয়াৰ কৰা হৈছে। মাত্ৰ কেইটামান দিনৰ ভিতৰতে ছ'চিয়েল মিডিয়াৰ টেণ্ডৰ দৌৰত সবাতোকৈ আগত আছে এই ফেচ এপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/assam/uploads/2019/07/faceapp.jpg)
শেহতীয়াকৈ ৰাজনীতি, ছবিজগতৰ পৰা আদি কৰি ক্ৰীড়া জগতৰ বহু তাৰকাৰ ফেচ এপৰ জৰিয়তে বৃদ্ধকালৰ ফটো ছ'চিয়েল মিডিয়াত ছেয়াৰ কৰা হৈছে। মাত্ৰ কেইটামান দিনৰ ভিতৰতে ছ'চিয়েল মিডিয়াৰ টেণ্ডৰ দৌৰত সবাতোকৈ আগত আছে এই ফেচ এপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/image.jpeg)
ফেচ এপ কিমান সুৰক্ষিত?
ফেচএপে জনপ্ৰিয়তাৰ লাভ কৰাৰ সমান্তৰাল ভাৱে এপটোৰ টাৰ্মছ এণ্ড কণ্ডিছনছে গোপনীয়তাক লৈ এক ডাঙৰ শংকাৰ সৃষ্টি হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছ, ৰ খবৰৰ মতে কোম্পানীয়ে এই বিষয়টো টেকক্ৰান্সৰ সন্মুখত তুলি ধৰিছে।
টাৰ্মছ এণ্ড কণ্ডিছনক লৈ ৰাছিয়াস্থিত ফেচএপে জনাইছে যে প্ৰদৰ্শন উন্নত কৰিবলৈ তেওঁলোকে ক্লাউডত ফটো কৰে কিন্তু তেওঁলোকে বেলেগ ফটো ফোনৰ পৰা লৈ ক্লাউডত ট্ৰান্সফাৰ নকৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/sites/default/files/2019/07/17/849442-bollywood-face-app-gallery-lead.jpg)
টুইটাৰত বহু ইউজাৰে এপটোৰ টাৰ্মছ এণ্ড কণ্ডিছনছক লৈও প্ৰশ্ন তুলিছে। ইয়াত পোহৰলৈ আহিছে এক গম্ভীৰ বিষয় যে যদিহে আপুনি এপ ব্যৱহাৰ কৰে তেনেহ'লে আপুনি ফেচএপক আপোনাৰ এডিটেত ফটো যিকোনো ঠাইত আনকি বিজ্ঞাপনত ব্যৱহাৰ কৰাৰো অনুজ্ঞা প্ৰদান কৰে।
এপৰ টাৰ্মছ এণ্ড কণ্ডিছনছত পাৰ্পিচুৱেল, ইৰিভ'কেবল, ৰয়েল্টি ফ্ৰী আৰু ৱৰ্ল্ডৱাইডৰ দৰে শব্দ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ অৰ্থ, আপুনি যদিহে এবাৰ নিজৰ ফটো এডিট কৰিবলৈ এই এপ ব্যৱহাৰ কৰিছে তেনেহ'লে কোম্পানীয়ে এই ফটো বিশ্বৰ যিকোনো ঠাইত নিজৰ প্ৰমোচনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে।
ফেচএপৰ টাৰ্মছ এণ্ড কণ্ডিছন বোৰ এনেধৰণৰঃ
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/FAC-1024x652.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/HHHHH-1024x652.jpg)
PhoneArenaতো ফেচ এপৰ সন্দৰ্ভত এক প্ৰৱন্ধ প্ৰকাশ হৈছে য'ত কোৱা হৈছে যে এপে আপোনাৰ এডিটেত ফটো মস্কোৰ বিলবৰ্ড (প্ৰচাৰ পত্ৰিকা)তো ব্যৱহাৰ কৰিব পাৰে। এই সন্দৰ্ভত আপুনি একো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে।
ফেচএপৰ ষ্টেটমেণ্টত এটা কথা কোৱা হৈছে যে আমি যদিও আপোনাৰ ফটো ক্লাউডত ষ্ট'ৰ কৰিছো ইয়াৰ প্ৰধান কাৰণ পাৰফৰমেন্স আৰু ট্ৰেফিক। আমি এই কথা সুনিশ্চিত কৰিবলৈ চেষ্টা কৰিছো যে ব্যৱহাৰকাৰীয়ে বাৰে বাৰে নিজৰ এডিটেড ফটো আপলোড নকৰে।
/https://media.assettype.com/asomiyapratidin/import/wp-content/uploads/2019/07/alia-ranveer-kareena-faceapp-820.jpg)
বেছিভাগ ফটো ৪৮ঘণ্টাৰ ভিতৰত ক্লাউডৰ পৰা ডিলিট কৰি দিয়া হয়। কিন্তু কোম্পানীৰ প্ৰাইভেচী পলিচীত ক'তো ৪৮ঘণ্টাৰ ভিতৰত ক্লাউড চাৰ্ভাৰৰ পৰা ফটো ডিলীট কৰাৰ কথা কোৱা হোৱা নাই।
ফেচ এপক লৈ এনে বিৰ্তক অব্যাহত থকাৰ মাজতে আমেৰিকা Chuck Schummer য়ে এপটোৰ বিভিন্ন নীতিক লৈ তদন্ত কৰাৰ পোষকতা কৰিছে। তেওৰ দাবী যে, এই এপটোৱে ব্যৱহাৰকাৰীৰ বহু ব্যক্তিগত তথ্য চুৰি কৰিছে। তেও লগতে কয় আমেৰিকাৰ বহু গোপন তথ্য এই এপটোৰ জৰিয়তে ৰুচলৈ নিয়া হৈছে। গতিকে এই এপটোৰ বিৰুদ্ধে এফ বি আই অথবা এফ টি চিৰ তদন্ত হব লাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/wp-content/uploads/sites/2/2019/07/celebs-use-old-faceapp-filter-pic9.jpg)
ফেচ এপক লৈ বহুজনে বহু মন্তব্য মন্তব্য কৰিছে। কিন্তু ইয়াৰ মাজতে ফান্সৰ এজন বিশ্লেষকে মন্তব্য কৰিছে যে, যদিও এই এপৰ জৰিয়তে ব্যৱহাৰহাৰকাৰীৰ বায়মেট্ৰিক কিছু তথ্য আদান-প্ৰদান হয়, ইয়াৰ বাবে বিশেষ কোনো ভয় নাথাকে। কিন্তু নিজৰ সুৰক্ষা বাবে এনে এপৰ পৰা আতৰত থাকিবলৈ পৰামৰ্শ দিছে বিশ্লেষক গৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us