পৰকীয়া প্ৰেম ! স্বামীৰ ছুৰিকাঘাতত আহত অভিনেত্ৰী পত্নী

তাৰোপৰি দুটি সন্তানৰ সৈতে দুয়ো হনুমন্ত নগৰত এটা ভাৰাঘৰত আছিল। শ্ৰুতি বিভিন্ন লোকৰ সৈতে থকা সম্পৰ্কৰ বাবে সন্দিহান হৈ আছিল স্বামী অমৰেশ। লক্ষ্যণীয়ভাৱে ৩মাহ পূৰ্বে শ্ৰুতিয়ে স্বামীৰ পৰা পৃথকে থাকিবলৈ লৈছিল

author-image
Asomiya Pratidin
New Update
397

ডিজিটেল ডেস্ক : পৰকীয়া প্ৰেমৰ সন্দেহত কানাড়া ছবিৰ লগতে ধাৰাবাহিকৰ অভিনেত্ৰী মঞ্জুলা শ্ৰুতিক দেওবাৰে স্বামীয়ে ছুৰিকাঘাত কৰে। ইয়াকে লৈ বাংগালুৰুত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

Advertisment

কানাড়া ধাৰাবাহিক ‘অমৃতধাৰে’ত অভিনয় কৰি বিখ্যাত হোৱা শ্ৰুতিক হনুমন্ত থানাৰ অন্তৰ্গত মুনেশ্বাৰা অঞ্চলত স্বামীয়ে ছুৰিকাঘাত কৰে। উল্লেখ্য যে ২০ বছৰ পূৰ্বে অমৰেশৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল শ্ৰুতি।

তাৰোপৰি দুটি সন্তানৰ সৈতে দুয়ো হনুমন্ত নগৰত এটা ভাৰাঘৰত আছিল। শ্ৰুতি বিভিন্ন লোকৰ সৈতে থকা সম্পৰ্কৰ বাবে সন্দিহান হৈ আছিল স্বামী অমৰেশ। লক্ষ্যণীয়ভাৱে ৩মাহ পূৰ্বে শ্ৰুতিয়ে স্বামীৰ পৰা পৃথকে থাকিবলৈ লৈছিল।

ইতিমধ্যে পত্নীক ছুৰিৰে আঘাত কৰা স্বামী অমৰেশক স্থানীয় আৰক্ষীয়ে আটক কৰিছে। 

পৰকীয়া প্ৰেম