/asomiyapratidin/media/media_files/2025/07/15/gfgfgfgf-2025-07-15-23-35-38.jpg)
চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ
ডিজিটেল ডেস্কঃ ভাৰত আৰু চীনৰ মাজত বিগত কেইবাবছৰ ধৰি চলি থকা উত্তেজনাৰ মাজতেই এক আশাৰ সংকেত দেখিবলৈ পোৱা গৈছে। বেইজিঙত অনুষ্ঠিত এছচিঅ' বৈঠকত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে সাক্ষাৎ কৰে।
এই সাক্ষাৎ দুয়ো দেশৰ সম্পর্কৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। জয়শংকৰে এই সাক্ষাতৰ বিষয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনাইছে যে, তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা জিনপিঙক প্ৰেৰণ কৰে। লগতে তেওঁ চীনৰ ৰাষ্ট্ৰপতিক ভাৰত-চীন দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া উন্নয়নৰ কথাও অৱগত কৰে জয়শংকৰে।
জয়শংকৰে এক্সত উল্লেখ কৰে, “আমাৰ নেতৃবৃন্দৰ পথ-প্ৰদৰ্শনে এই সম্পৰ্কৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই দিশত আগবাঢ়িবলৈ পৰস্পৰৰ বিশ্বাস আৰু সহানুভূতিৰ আধাৰত কাম কৰাৰ প্ৰয়োজন।”
ইফালে, এছচিঅ বৈঠকত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ সৈতে হোৱা বৈঠকতো জয়শংকৰে কয় যে, বিগত ৯ মাহত দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত হৈছে। বিশেষকৈ সীমান্ত অঞ্চলত উত্তেজনা হ্ৰাস পাই শান্তিৰ পৰিৱেশ গঢ়ি উঠিছে। চীনৰ সৈতে থকা সীমান্ত সমস্যা, ডি-এস্কেলেচন প্ৰক্ৰিয়া আৰু পৰস্পৰৰ উদ্বেগৰ ক্ষেত্ৰত সঁহাৰি আৰু সমাধানৰ দিশে আগবাঢ়িব লাগিব বুলি তেওঁ লগতে কয়। মতানৈক্যক বিবাদলৈ পৰিণত কৰাৰ প্ৰৱণতা ৰোধ কৰিব লাগিব বুলিও জয়শংকৰে স্পষ্ট কৰে।
জয়শংকৰে কয়, “প্ৰতিযোগিতা কেতিয়াও সংঘাতৰ ৰূপ ল’ব নালাগে। ভাৰত-চীনৰ মাজত সুস্থিৰ আৰু গঠনমূলক সম্পৰ্ক কেৱল দুয়ো দেশৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে লাভজনক।”এই বৈঠকসমূহৰ জৰিয়তে ভাৰত-চীন সম্পৰ্কৰ ভৱিষ্যৎ দিশ নিৰ্ধাৰণত এক নতুন অধ্যায় আৰম্ভ হোৱাৰ আশা কৰা হৈছে।