Advertisment

ৰাছিয়া, চীন, আমেৰিকাক চেৰাই 'হাইপাৰছনিক মিছাইল'ক লৈ ভাৰতৰ সাফল্য...

বিগত এটা বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত বহু ন ন প্ৰযুক্তিৰ অন্তভূক্ত হৈছে । শেহতীয়াকৈ এই ক্ষেত্ৰত ভাৰতে অন্য এক সফলতা লাভ কৰিছে। অতিপাত বেগী হাইপাৰছনিক মিছাইলৰ পূৰ্বতকৈ উন্নত

author-image
Asomiya Pratidin
New Update
ৰাছিয়া, চীন, আমেৰিকাক চেৰাই 'হাইপাৰছনিক মিছাইল'ক লৈ ভাৰতৰ সাফল্য...

ৰাছিয়া, চীন, আমেৰিকাক চেৰাই 'হাইপাৰছনিক মিছাইল'ক লৈ ভাৰতৰ সাফল্য...

ডিজিটেল ডেস্কঃ বিগত এটা বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত বহু ন ন প্ৰযুক্তিৰ অন্তভূক্ত হৈছে । শেহতীয়াকৈ এই ক্ষেত্ৰত ভাৰতে অন্য এক সফলতা লাভ কৰিছে। অতিপাত বেগী হাইপাৰছনিক মিছাইলৰ পূৰ্বতকৈ উন্নত ইঞ্জিন নিৰ্মাণৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে ভাৰতে।  উল্লেখ কৰা প্ৰয়োজন যে, হাইপাৰছনিক মিছাইল হৈছে এক শ্ৰেণীৰ উন্নত অস্ত্ৰ যি শব্দতকৈ পাঁচগুণ বেগেৰে গতি কৰে। 

Advertisment

প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰা এক বিবৃতিত কয় যে,  ডি আৰ ডি অ’ৰ হায়দৰাবাদস্থিত লেবৰেটৰী ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰীয়ে দীৰ্ঘকালীন ছুপাৰছনিক কম্বচন ৰেমজেট বা স্ক্ৰামজেট চালিত হাইপাৰছ’নিক প্ৰযুক্তি বিকশিত কৰাত কাম কৰি আহিছিল। আৰু শেহতীয়াকৈ এই সফলতা লাভ কৰিছে। 

হাইপাৰছনিক মিছাইল হৈছে এক শ্ৰেণীৰ উন্নত অস্ত্ৰ যিয়ে  শব্দৰ পাঁচগুণ বা ঘণ্টাত ৫৪০০ কিলোমিটাৰতকৈ অধিক বেগত যাত্ৰা কৰে। এই উন্নত অস্ত্ৰসমূহে বৰ্তমানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক  আৰু অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। 

আমেৰিকা, ৰাছিয়া, ভাৰত, চীনকে ধৰি কেইবাখনো ৰাষ্ট্ৰই সক্ৰিয়ভাৱে হাইপাৰছ’নিক প্ৰযুক্তিৰ অনুসন্ধান চলাই আছে বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ মাজতে শেহতীয়াকৈ ভাৰতে  হাইপাৰছ’নিক বাহনৰ মূল চাবিকাঠি  স্ক্ৰেমজেট ইঞ্জিনৰ সফল পৰীক্ষণ কৰাত সফল হৈছে। যাৰ জৰিয়তে অচিৰেই ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত অন্তভূক্ত হোৱাৰ সম্ভাৱনা আছে  হাইপাৰছ’নিক মিছাইল। 

ভাৰত