গোগামুখ ৰঙাজানত দঞি:পলʼ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি...

গোগামুখ ৰঙাজানত দঞি:পলʼ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি...

author-image
Asomiya Pratidin
New Update
গোগামুখ ৰঙাজানত দঞি:পলʼ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি...

ডিজিটেল সংবাদ, গোগামুখঃ ধেমাজি জিলাৰ গোগামুখত ২০১৭ চনত প্ৰতিষ্ঠা হোৱা শিক্ষা, স্বাস্থ্য,বৌদ্ধিক, শাৰীৰিক, মানসিক, আধ্যাত্মিক, আৰু আৰ্থসামাজিক দিশত সৰ্বতোপ্ৰকাৰে উন্নীত কৰাৰ লক্ষ্যৰে স্থাপন হোৱা দঞি: পলʼ গ্লোবেল একাডেমীৰ ৭ বছৰ পূৰ্তি উপলক্ষে গোগামুখ ৰঙাজানত আয়োজন কৰিছে দঞি:পলʼ গ্লোবেল একাডেমী মহোৎসৱ।

Advertisment

ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে গ্লোবেল মহোৎসৱৰ। শিক্ষানুষ্ঠান খনে স্বাস্থ্য খণ্ডৰ বিভিন্ন বিষয়ত শিক্ষা আগবঢ়াই অহাৰ উপৰিও অনাথ ছাত্ৰ ছাত্ৰীক দিছে বিনামূলীয়া শিক্ষাদান। অহা মাৰ্চ মাহৰ ৪ তাৰিখৰ পৰা ৭ তাৰিখলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া মহোৎসৱত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বহু কেইটা কৃষ্টি দলে প্ৰদৰ্শন কৰিব লোক কৃষ্টি।

লগতে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব ভূপেন্দ্ৰ সংগীত,ৰাভা সংগীত, জ্যোতি সংগীত, কবিতা আবৃত্তি, চিত্ৰাংকন, নৃত্য -গীত প্ৰতিযোগিতা। শেষৰ দিনা ভাৰত চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী আয়োচ বন্দৰৰ লগতে অসমৰ কেইবাজনো মন্ত্ৰী বিধায়ক,সাংসদে অংশগ্ৰহণ কৰিব। নিশালৈ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব কণ্ঠশিল্পী বিপিন চাউদাঙে। উক্ত অনুষ্ঠানটো সৰ্বতোপ্ৰকাৰে সফল ৰূপায়ণত ৰাইজৰ উপস্থিতি কামনা কৰিছে চʼচাইতি ফৰ দঞি পলʼ গ্লোবেল একাডেমীয়ে।