/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agrani-batori.jpg)
ডিজিটেল সংবাদ, বিলাসীপাৰা : বিলাসীপাৰা ৰাধে ৰাধে সমিতিৰ উদ্যোগত বিলাসীপাৰা মহামায়াবাৰী প্ৰাংগনত অহা ১২ জুনৰ পৰা ১৮ জনুলৈকে সপ্তাহব্যাপী শ্ৰীমদ্ভাগৱত পাঠ আৰু ১৯ জুনৰ সন্ধিয়া নগৰ পৰিক্ৰমাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে বিলাসীপাৰাত উপস্থিত হৈছে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত শ্ৰীমদ্ভাগৱত পাঠ পৰিবেশন কৰি আলোড়ণ সৃষ্টি কৰি অহা শ্ৰীশ্ৰী ১০৮ কৃষ্ণদাস গোস্বামী মহাৰাজজী।
তেওঁ বিলাসীপাৰাত উপস্থিত হোৱাৰ বাতৰিয়ে ভক্তপ্ৰাণ ৰাইজৰ মাজত আনন্দৰ পৰিবেশ বিৰাজ কৰিছে । উল্লেখ্য যে যোৱা এক দশক ধৰি বিলাসীপাৰা মহামায়াবাৰী প্ৰাংগনত ৰাধাকুণ্ডৰ শ্ৰীশ্ৰী ১০৮কৃষ্ণদাস গোস্বামী মহাৰাজজী শ্ৰীমদ্ভাগৱত পাঠ কৰি বিলাসীপাৰাবাসী অগণন ভক্তপ্ৰাণ ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, ঐতিহাসিক মহামায়াবাৰী প্ৰাগংগনত ১২ জুনৰ সন্ধিয়া ৬-৩০ বজাত শুভাৰম্ভ কৰা হ’ব শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানখনৰ। এই অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি হাতত লোৱা হৈছে বুলি বিলাসীপাৰা ৰাধে ৰাধে কমিটিৰ সম্পাদক অমৰেশ সাহা জানিবলৈ দিয়ে।