/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0aa6bee3-7cc2-4897-8e54-14a9cd1a216b/boko_26.jpg)
boko
ডিজিটেল সংবাদ বকো : কামৰূপ জিলাৰ বকোত সোমবাৰে যুৱ কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকীও নেতাই উপস্থিত হৈ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৰ ভেটি সুদৃঢ় কৰাৰ পদক্ষেপ গ্ৰহণ কৰে । ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকোস্থিত কংগ্ৰেছ দলৰ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা বকো যুৱ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ নেতাসকলৰ লগতে ৰাজ্যিক, জিলা আৰু সমষ্টি পৰ্যায়ৰ নেতা-কৰ্মী সকলে একেমুখে দেশত হোৱা মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ জনায় ।
বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত বকো সমষ্টি সমিতিৰ যুৱ কংগ্ৰেছৰ সভাপতি ময়দুল ইছলামে সভাপতিত্ব কৰে । সভাত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যুৱ কংগ্ৰেছৰ সম্পাদক মিলেন গৌতমে বুথ, ব্লক, জিলা আদি বিভিন্ন পৰ্যায়ত কংগ্ৰেছ দল শক্তিশালী হ'লেহে দেশ বাচিব বুলি দলটোৰ নেতা-কৰ্মীসকলক কয় ।
সম্প্ৰতি দেশৰ অৱস্থা খুবেই বেয়া বুলি সম্পাদক গৰাকীয়ে সভাখনত সকিয়াই দি দেশ ধ্বংস হোৱাৰ আঁৰত বিজেপি দলৰ চৰকাৰ বুলি উল্লেখ কৰে । বিজেপি দলৰ চৰকাৰৰ পৰা দেশখন বচোৱাৰ বাবে প্ৰথমে পঞ্চায়ত পৰ্যায়ত কংগ্ৰেছ দলে জয় লাভ কৰিব লাগিব বুলি ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে আশা প্ৰকাশ কৰে ।
কংগ্ৰেছ দলে পঞ্চায়ত পৰ্যায়ত জয়লাভ কৰাৰ বাবে প্ৰতিগৰাকী নেতা-কৰ্মীয়ে মানুহৰ কাষলৈ যোৱাৰ প্ৰয়োজন আছে বুলিও তেওঁ কয় । ৰাষ্ট্ৰীয় পৰ্যায়ৰ উপ-সভাপতি আব্দুৰ ৰুপচা, অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাক, গোৱালপাৰা জিলা যুৱ কংগ্ৰেছৰ সভাপতি, কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি, বকো ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভা, ছমৰীয়া ব্লক কংগ্ৰেছ সভাপতি ধনেশ্বৰ বায়ন, বকো ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজয় কলিতা, কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা কামাখ্যা চেত্ৰী, যুৱ নেতা ৰাম ডেকাকে ধৰি বিশিষ্ট নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰি বিজেপি দলৰ বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰে ।আজিৰ সভাখনত একপ্ৰকাৰ ৰাজনৈতিক দলটোৱে পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজায়।