/asomiyapratidin/media/media_files/2025/02/09/RuR3K3HrGtl0aYKw1j96.jpg)
ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলা যুৱ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা জিলা যুৱ কংগ্ৰেছৰ সভাপতি মনজিত কলিতাৰ সভাপতিত্বত আজি তেজপুৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় । উক্ত কাৰ্যসূচীত প্ৰায় অৰ্ধশতাধিক যুৱক-যুৱতীয়ে যুৱ কংগ্ৰেছত যোগদান কৰে ।
পৰৱৰ্তী সময়ত "নিচা নহয় সংস্থাপন দিয়ক" শ্লোগানৰ জৰিয়তে জিলা যুৱ কংগ্ৰেছৰ নেতা-কৰ্মী সকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ কৰে ।
উক্ত কাৰ্যসূচীত জিলা যুৱ কংগ্ৰেছৰ সভাপতি মনজিত কলিতা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা বৰা, সাধাৰণ সম্পাদক কল্যাণ ভাগৱতী, জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকটি, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা পল্লৱী শইকীয়া আদি উপস্থিত থাকে।