ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মিজোৰামত নিচাজাতীয় সামগ্ৰী আৰু বিষ্ফোৰক সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বিশেষ সাফল্য লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে। চাম্পাই জিলাৰ বাংকান এলেকাত অভিযান চলাই আৰক্ষীয়ে এখন বাহনৰ পৰা ৯.৫৯৫ কেজি ওজনৰ প্ৰায় ১লাখ মেথামফেটামাইন টেবলেট জব্দ কৰে।
লগতে ৮ টা চাবোনৰ বাকচৰ পৰা ৯০ গ্ৰাম হেৰ'ইন জব্দ কৰে। জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য ক্ৰমে ১ কোটি ২৪ লাখ ৭৩ হাজাৰ আৰু ২ লাখ ৭০হাজাৰ টকা । টেবলেটৰ সৈতে ৰেডিন লুয়াংগা নামৰ এজন সৰবৰাহকাৰীক আটক কৰে।
আনহাতে, অসম ৰাইফলছ আৰু লুংলেই জিলাৰ থিংছাই আৰক্ষীয়ে থিংছাই চেকগেটত এখন বাহনত যুটীয়া অভিযান চলাই ৬,২০০ডাল ষ্টিক ভৰ্তি ৩১ কাৰ্টন জেলেটিন , ১০০ ডালকৈ থকা ৪৭ টা ডিটনেটৰ ভৰ্তি কাৰ্টন আৰু ১৫ টা কৰ্টেক্স ৰোল জব্দ কৰা হয় । আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে, জব্দ কৰা বিষ্ফোৰকখিনিৰ মূল্য ৫ লাখ ৫০০ টকা। বিষ্ফোৰক সৰবৰাহৰ অভিযোগত বাহনখনৰ চালক লাল্লাম জুয়ালাক গ্ৰেপ্তাৰ কৰা হয়।
একেদৰে চাম্পাই জিলাৰ মুলকাৱী গাঁৱত অসম ৰাইফলছ আৰু আবকাৰী তথা মাদক দ্ৰব্য বিভাগে অভিযান চলাই ২.২৮ কেজি য়াবা টেবলেট আৰু ২৪৪.৫ গ্ৰাম হেৰ’ইন জব্দ কৰে। জব্দ কৰা সামগ্ৰীসমূহৰ মূল্য প্ৰায় ৮.৫৬ কোটি টকা।