/asomiyapratidin/media/media_files/2025/09/14/web-ap-1-1-2025-09-14-19-18-32.jpg)
ডিজিটেল ডেস্কঃ "মহিলা সকলে শৰীৰত অনুভৱ কৰি থকা অসুবিধা সমূহক লৈ কেতিয়াও মুকলিকৈ আলোচনা কৰিবলৈ সংকোচ কৰে,সেয়াই আমাৰ প্ৰধান সমস্যা। কৰ্কট ৰোগতকৈ বেছি সেয়াহে বৰ্তমান চিন্তাৰ কাৰণ"- ‘কৰ্কট ৰোগ আৰু ইয়াৰ পৰিচৰ্যা’ সম্পৰ্কীয় আলোচনা চক্ৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সংগীত শিল্পী জীনা ৰাজকুমাৰীয়ে।
দিল্লীৰ 'দ্য অশোক'ত অনুষ্ঠিত হোৱা প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লেভ-২০২৫' ত আজি প্ৰথম দিনৰ পঞ্চমখন আলোচনা চক্ৰ আঁত ধৰে প্ৰতিদিন গোষ্ঠীৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাই। আলোচনা চক্ৰত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জীনা ৰাজকুমাৰীৰ লগতে বিশিষ্ট ‘অংকলজিষ্ট’ ডাঃ তপন শইকীয়া, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীৰ বিশেষজ্ঞ চিকিৎসক ডাঃ অৰুণ ডেকা, ‘দীপশিখা ফাউণ্ডেছন’ৰ প্ৰতিষ্ঠাপক তথা আইএএছ দেৱাশীষ শৰ্মা।
আলোচনাৰ আৰম্ভণিতে শোণিত কুমাৰ ভূঞাই জীনা ৰাজকুমাৰীক তেওঁৰ কৰ্কট ৰোগৰ যাত্ৰাৰ বিষয়ে প্ৰশ্ন কৰে। শ্ৰীমতী ৰাজকুমাৰীয়ে কয়, “২০১৮ চনৰ অক্টোবৰ মাহৰ কোনোৱা এটা দিনত মই হঠাতে মোৰ বাঁওফালৰ স্তনত কিবা অনুভৱ কৰিছিলো। প্ৰথমে অন্য মহিলাৰ দৰে ময়ো লাজ কৰিছিলো যদিও পাছলৈ স্বামীক এই বিষয়ে জনালো। আমি বি. বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটলৈ গৈ চিকিৎসকৰ পৰামৰ্শ ল'লো।
চিকিৎসকে ৰোগৰ উপস্থিতি নিশ্চিত কৰি মোক চাৰ্জাৰীৰ পৰামৰ্শ দিলে। সেই সময়ত মোৰ বিভিন্ন স্থানত সংগীতৰ অনুষ্ঠান আছিল। তাৰ মাজতে মই ৩১ ডিচেম্বৰত চাৰ্জাৰী কৰালো। আচৰিতভাৱে, সেইদিনা মোৰ অকণো ভয় লগা নাছিল। মই মোৰ কাষত থকা অন্য সকলকো ভয় নকৰিবলৈ অনুৰোধ জনাইছিলো। চাৰ্জাৰীৰ পাছতে মই অসম জাতীয় বিদ্যালয়ত অনুষ্ঠান কৰিছিলো।
মই উল্লেখ কৰিব বিচাৰো যে, এই যাত্ৰা এতিয়া সহজকৈ বৰ্ণনা কৰিব পাৰি যদিও, সেই সময়ত ইয়াৰ লগতে যুঁজ দিয়া অতি কঠিন আছিল। লগতে এই অভিজ্ঞতাই মোক বুজাই দিছিল যে, ৰোগ সন্দৰ্ভত আমাৰ নীৰৱতা আৰু সংকোচ কিমান বিপজ্জনক হ’ব পাৰে।”
জীনা ৰাজকুমাৰীৰ পাছতে আলোচনালৈ আহিছিল বিশিষ্ট চিকিৎসক তথা অসম বৈভৱ তপন শইকীয়া। এই সন্দৰ্ভত তেওঁ কয়, কৰ্কট ৰোগীৰ সংখ্যা পূৰ্বতকৈ ভয়াৱহ হাৰত বৃদ্ধি পাইছে। বিশেষকৈ স্তন কৰ্কট সমগ্ৰ পৃথিৱীতে বাঢ়িছে। উত্তৰ পূৰ্বাঞ্চলতো এই ৰোগে ভয়ংকৰ ৰূপ লৈছে। এই বিষয়ে গৱেষণাৰ প্ৰয়োজন আছে।
তপন শইকীয়াই লগতে কয়, বিগত পাঁচ বছৰত অসমৰ কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থা ভাল হৈছে। শতকৰা ৮০ শতাংশ লোকে এতিয়া বাহিৰলৈ এই ৰোগৰ চিকিৎসা কৰিবলৈ যাবলৈ এৰিছে। ৰোগীক চিকিৎসক হিচাপে আমি সময় দিব লাগে। ৮ জন ৰোগীক চাবলৈ মোক ৮ ঘণ্টাৰ সময়ৰ প্ৰয়োজন। ভালকৈ মাত দিলেই তেওঁলোকৰ বহুখিনি কষ্ট হ্ৰাস পায়। ৰোগীৰ ষ্টেজ যিয়েই নহওঁক তেওঁক সময় দিব পাৰিলে পাছলৈ চিকিৎসা বহু উজু হৈ পৰে।
আনহাতে ‘দীপশিখা ফাউণ্ডেছন’ৰ প্ৰতিষ্ঠাপক, তথা আই এ এছ দেৱাশীষ শৰ্মাই এই বিষয়ত কয় যে, অসম আৰু উত্তৰ-পূবত কৰ্কট ৰোগৰ চিকিৎসা-পদ্ধতিৰ বিষয়ে স্পষ্টকৈ বুজাই দিব পৰাকৈ বিশেষ লোকৰ অভাৱ। ইয়াৰ ফলস্বৰূপে বহু ৰোগী ৰাজ্যৰ বাহিৰলৈ গুচি যায়।
উদাহৰণস্বৰূপে, বৰ্তমান সময়ত প্ৰতিজন লোকৰে আয়ুষ্মান ভাৰত কাৰ্ড আছে। কিন্তু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে তেওঁলোকে নাজানে বা সঠিক চিকিৎসা ল’বলৈও তেওঁলোক সক্ষম নহয়। আৰ্থিক বাধা দুৰ্বল শ্ৰেণীৰ বাবে এক ডাঙৰ সমস্যা।
আজিকালি অসমত প্ৰায় ৫০,০০০ কৰ্কট ৰোগী ৰেজিষ্টাৰ হৈছে। বহুতৰ ক্ষেত্ৰত ৰোগ স্টেজ ৩ বা তাৰ পাছত চিনাক্ত হয়, যি সময়ত চিকিৎসা অতি কঠিন হয়। সময়মতে চিনাক্তকৰণ, সচেতনতা আৰু পেলিয়েটিভ কেয়াৰ একেবাৰে প্ৰয়োজনীয়।
তেওঁ আৰু কয়, অসমত মুখগহ্বৰৰ কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা বাঢ়িছে। এই ৰোগ পান, তামোল, ধপাত, গুটখাৰ বাবেই বৃদ্ধি পাইছে। অধিক তপত খাদ্যও কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে। অত্যাধিক সাৰো এই ৰোগৰ কাৰণ হৈ পৰিব পাৰে।
বিশেষজ্ঞ চিকিৎসক ডাঃ অৰুণ ডেকাই এই বিষয় সন্দৰ্ভত কয়, ভাৰতত এতিয়া ৪০ ৰ পৰা ৬০ শতাংশ ৰোগী ষ্টেজ থ্ৰী অথবা ফ’ৰত আহে। এই পৰ্যায়ত পেলিয়েটিভ কেয়াৰ সম্ভৱ হৈ নাথাকে। আমাৰ হাতত আন্তঃগাঁথনি, মানৱ শক্তি আদি নথকাৰ বাবে আমি চেষ্টা কৰো ৰোগীসকলক যাতে পেলিয়েটিভ কেয়াৰ দিব পাৰো।
দৰিদ্ৰ ৰোগীক আমি আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলেও খবৰ এটা ল'লেও সেয়াও তেওঁলোকৰ বাবে হৈ পৰে পেলিয়েটিভ কেয়াৰ। কেৱল যে কৰ্কট ৰোগতেই পেলিয়েটিভ কেয়াৰৰ প্ৰয়োজন তেনে নহয়। অন্যান্য ৰোগত পেলিয়েটিভ কেয়াৰৰ প্ৰয়োজন আছে।
আন এটা গুৰুত্বপূৰ্ণ ধাৰণা হ’ল Advanced Medical Directive বা Living Will- যাৰ দ্বাৰা টাৰ্মিনেল অসুখত ভোগা ৰোগীয়ে পূৰ্বেই সিদ্ধান্ত ল’ব পাৰে যে, তেওঁ যদি পিছত সিদ্ধান্ত ল’ব নোৱাৰে, তেন্তে চিকিৎসা কেনেদৰে চলিব। কিন্তু ভাৰতত এই প্ৰচলন আৰম্ভ হোৱা নাই। আমি নিষ্ফল চিকিৎসাৰ সমস্যাটোও স্বীকাৰ কৰিব লাগিব। প্ৰতিবছৰে প্ৰায় ৫৫ মিলিয়ন ভাৰতীয়ই ব্যয়বহুল চিকিৎসাৰ বাবে দেউলীয়া হৈ পৰে।