Advertisment

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনকলৈ ভিন্ন সংস্থাৰ এগজিট প’ল প্ৰকাশ...

সমীক্ষা অনুসৰি ঝাৰখণ্ডত বিজেপি মিত্ৰজোঁটে ২৭ৰ পৰা ৪২খন আসন লাভ কৰা দেখা গৈছে। একে সময়তে কংগ্ৰেছ মিত্ৰজোঁটে ২৫ৰ পৰা ৩০ খন আসন লাভ কৰা দেখা গৈছে

author-image
Asomiya Pratidin
New Update
exit poll

ডিজিটেল ডেস্ক : শান্তিপূৰ্ণভাৱে বুধবাৰে ৬-০০ বজাত অন্ত পৰিল ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। ৰাজ্যখনত এইবাৰ ভোটাৰে সন্তোষজনকভাৱে ভোটধিকাৰ সাৱ্যস্ত কৰে। নিৰ্বাচন আয়োগৰ সমীক্ষা অনুসৰি ৰাজ্যখনত সন্ধিয়া ৬-০০ বজালৈকে ৬৮.৩৯ শতাংশ লোকে ভোটদান কৰে।

Advertisment

উল্লেখযোগ্য যে ৰাজ্যখনত এইবাৰ দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। সৰ্বমুঠ আসনৰ প্ৰথম পৰ্যায়ত ৪১ খন আসনত অনুষ্ঠিত হৈছিল নিৰ্বাচন। আনহাতে ২০ নৱেম্বৰ বুধবাৰে অনুষ্ঠিত হৈছিল ৩৮খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।

বুধবাৰে ৰাজ্যখনৰ নিৰ্বাচন সমাপ্তি হোৱাৰ কিছু সময় পাছতে বিভিন্ন সংবাদ সংস্থাই প্ৰকাশ কৰিছে একজিট প’ল। পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰকাশিত এগজিট প’লসমূহ এতিয়া ৰাজনৈতিক মহলত চৰ্চিত হৈছে।

এগজিট প’লৰ মতে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে ইণ্ডিয়া আৰু এন ডি এৰ মাজত হ’ব মূল যুঁজ। মেট্ৰিজ নামৰ সংস্থাটোৱে চলোৱা এগজিট প’লৰ সাম্ভাৱ্য সমীক্ষা অনুসৰি ঝাৰখণ্ডত বিজেপি মিত্ৰজোঁটে ২৭ৰ পৰা ৪২খন আসন লাভ কৰা দেখা গৈছে। একে সময়তে কংগ্ৰেছ মিত্ৰজোঁটে ২৫ৰ পৰা ৩০ খন আসন লাভ কৰা দেখা গৈছে। আনহাতে অন্যান্যত ১ৰ পৰা৪ খন আসন লাভ কৰা বুলি উল্লেখ কৰে মেট্ৰিজে।

চাণক্য নামৰ সংস্থাটোৰ এগজিট প'ল অনুসৰি বিজেপি আৰু সহযোগী দল মিলি ৪৫ৰ পৰা ৫০খন আসন লাভ কৰিব বুলি অনুমান কৰিছে। একেদৰে কংগ্ৰেছ তথা সহযোগী দল মিলি ৩৫ৰ পৰা ৩৮খন লাভ কৰিব বুলি অনুমান কৰিছে। অন্যান্যৰ ক্ষেত্ৰত ৩ৰ পৰা ৫খন আসন লাভ কৰিব বুলি সংস্থাই উল্লেখ কৰে।

একে সময়তে পিপলছ পাললছৰ এগজিট প’লৰ সমীক্ষা মতে এইবাৰ ঝাৰখণ্ডত এন ডি এয়ে ৪৪ৰ পৰা ৫৩খন আসন লাভ কৰিব বুলি মন্তব্য কৰে। অৱশ্যে ইণ্ডিয়া মৰ্চাই ২৫ৰ পৰা ৩৭খন আসনহে লাভ কৰিব পাৰে বুলি ধাৰণা কৰিছে। অন্যান্য দলে ৫ৰ পৰা ৯খন আসন পাব পাৰে বুলি সংস্থাটিয়ে অনুমান ব্যক্ত কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ঝাৰখণ্ড বিধানসভা নিৰ্বাচন ২০১৯ৰ ফলাফল দিশে লক্ষ্য কৰিলে দেখা যায় যে বিগত বিধানসভা নিৰ্বাচনত হেমন্ত চোৰেণৰ দল ঝাৰখণ্ড মুক্তি মৰ্চাই ৩০ খন আসন লাভ কৰিছিল। একে সময়তে বিজেপি দ্বিতীয় দল হিচাপে আছিল। 

উক্ত নিৰ্বাচনত বিজেপিয়ে দখল কৰিছিল ২৫খন আসন। কংগ্ৰেছে ১৬খন আসনেৰে তৃতীয় স্থানত আছিল। ইফালে আৰ জে ডি দলে মাত্ৰ ১ খন আসনতে সন্তুষ্ট হ'ব লগা হৈছিল।

2024 election