শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ২০২৫-২৬ বৰ্ষৰ কাৰ্যকালৰ বাবে গঠন কৰা নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা জিলা শাখাৰ সভাপতি কুমৰকান্ত বৰাৰ লাংহিন পৌৰসভাৰ ৩ নং ৱাৰ্ড পামগাঁৱৰ বাসগৃহৰ চোতালত অনুষ্ঠিত হৈ যায়

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ কাৰ্যনিৰ্বাহক সমিতিৰ শপত গ্ৰহণ

ডিজিটেল সংবাদ, হাওৰাঘাট :  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ২০২৫-২৬ বৰ্ষৰ কাৰ্যকালৰ বাবে গঠন কৰা নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা জিলা শাখাৰ সভাপতি কুমৰকান্ত বৰাৰ লাংহিন পৌৰসভাৰ ৩ নং ৱাৰ্ড পামগাঁৱৰ বাসগৃহৰ চোতালত অনুষ্ঠিত হৈ যায় ৷ এই উপলক্ষে দেওবাৰে অনুষ্ঠিত প্ৰথম কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে জিলা শাখাৰ সভাপতি কুমৰকান্ত বৰাই ৷ 

সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা শাখাৰ বিদায়ী সম্পাদক তথা ২০২৫ - ২৬ বৰ্ষৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ উপ সভাপতি জ্যোতি বৰাই ৷ এই সভাতে কুমৰকান্ত বৰাক সভাপতি, জ্যোতি বৰা আৰু জিতেন বৰাক উপ সভাপতি, প্ৰভাত শইকীয়াক সম্পাদক , কনিষ্ক হাজৰিকা আৰু ৰমেশ লস্কৰক সহকাৰী সম্পাদক হিচাপে লৈ ৪৫ জনীয়া সদস্য -সদস্যাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা সমিতিখন গঠন কৰা হয় । 

লগতে জিলা শাখাৰ সাহিত্য শাখাৰ বাবে ৰবীন বৰুৱাক সভাপতি, দিলেশ্বৰ বৰাক সম্পাদক, জিলা সংস্কৃতি শাখাৰ বাবে নিজু ভূঞাক সভাপতি, পবিত্ৰ পাটৰক সম্পাদক, জিলা শিক্ষা শাখাৰ বাবে বিৰেশ হাজৰিকাক সভাপতি, পদ্ম বৰাক সম্পাদক, জিলা প্ৰচাৰ শাখাৰ বাবে মোহনলাল বৰাক সভাপতি, বীৰেন দাসক সম্পাদক, থ্ৰীফ্‌ট এণ্ড ক্ৰেডিট কোৰ্পৰেটিভ চ’চাইটি লিমিটেডৰ বাবে পদ্দকান্ত বৰাক সভাপতি, কুসুম্বৰ লস্কৰক সম্পাদক, শিশু, আই-মাতৃ কল্যাণ শাখাৰ বাবে কেন্দ্ৰীয় সদস্যা জোনালী বৰা কলিতা, শিশু, আই-মাতৃ কল্যাণ শাখাৰ জিলা শাখাৰ বাবে অঞ্জলি বৰাক সভানেত্ৰী, দিপালী শইকীয়াক সম্পাদিকা আৰু  অৰুণী ডেকা বৰাক সাংগঠনিক সম্পাদিকা, জিলা ন্যাস পুঁজিৰ বাবে বিমল বৰুৱাক সভাপতি আৰু মণিৰাম বৰাক সম্পাদক জিলা শাখাৰ বাবে কুমৰকান্ত বৰাই সংঘৰ গোপনীয়তা ৰক্ষাৰ্থে শপতবাক্য পাঠ কৰোৱায় ৷ 

ইয়াৰ পাছতে সভাত বিষয়বাচনি সভাৰ লগতে সাংগঠনিক দিশৰ ওপৰতো গভীৰভাৱে আলাপ আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয় ৷

Haoraghat শ্ৰীমন্ত শংকৰদেৱ সংঘ