য়েমেনৰ কৰ্তৃপক্ষই স্থগিত ৰাখিলে ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ ফাঁচীৰ নিৰ্দেশ...

য়েমেনত বন্দী হৈ থকা ভাৰতীয় মহিলা মহিলা নিমিষাক ফাঁচী দিয়া নহয়। জানিব পৰা মতে য়েমেনৰ স্থানীয় কৰ্তৃপক্ষই তেওঁৰ মৃত্যুদণ্ডৰ ৰায় স্থগিত ৰাখিছে।

author-image
Tushar Pratim
New Update
য়েমেনৰ কৰ্তৃপক্ষই স্থগিত ৰাখিলে ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ ফাঁচীৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ য়েমেনত বন্দী হৈ থকা ভাৰতীয় মহিলা মহিলা নিমিষাক ফাঁচী দিয়া নহয়। জানিব পৰা মতে য়েমেনৰ স্থানীয় কৰ্তৃপক্ষই তেওঁৰ মৃত্যুদণ্ডৰ ৰায় স্থগিত ৰাখিছে। উল্লেখ্য যে, এইগৰাকী মহিলাক ১৬ জুলাই, ২০২৫ বুধবাৰে ফাঁচী দিয়াৰ কথা আছিল।

Advertisment

কিন্তু তেওঁৰ এই ফাঁচীৰ নিৰ্দেশ কেতিয়ালৈকে স্থগিত ৰখা হৈছে বা নতুনকৈ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে নেকি সেই সন্দৰ্ভত কোনো কথাই এতিয়াও স্পষ্ট হোৱা নাই। স্মৰ্তব্য যে, কেৰালাৰ পালাক্কাডৰ বাসিন্দা নিমিষাই ২০০৮ চনত নাৰ্ছ হিচাপে কাম কৰিবলৈ য়েমেনলৈ গৈছিল। 

পিছত ২০১৭ চনত তেওঁৰ বিৰুদ্ধে ব্যৱসায়িক অংশীদাৰক হত্যা কৰাৰ অভিযোগ উত্থাপন হয়। সেই গোচৰত ২০১৮ চনত নিমিষাক দোষী সাব্যস্ত কৰা হৈছিল। ইয়াৰ শাস্তি হিচাপে য়েমেনৰ আদালতে তেওঁক ফাঁচী দিয়াৰ নিৰ্দেশ দিছিল। 

তেতিয়াৰ পৰাই নিমিষাৰ ফাঁচীৰ নিৰ্দেশ বাতিল কৰিবলৈ সকলোধৰণৰ চেষ্টা কৰি আহিছে পৰিয়ালৰ লোকে। তেওঁলোকে বিচাৰিছিল ভাৰত চৰকাৰৰো সহায়। য়েমেনৰ উচ্চতম ন্যায়ালয়তো এই শাস্তি হ্ৰাসৰ বাবে আবেদন দাখিল কৰা হৈছিল।

নিমিষাৰ পৰিয়ালে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিও মৃত্যুদণ্ডৰ কাৰ্যকৰীকৰণ বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন কৰিছিল। এই গোচৰতে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমনীয়ে সোমবাৰে কয় যে, "এয়া দুৰ্ভাগ্যজনক। আমি এটা নিৰ্দিষ্ট পৰ্যায়লৈ যাব পাৰোঁ আৰু আমি সিমান দূৰলৈ গৈছিলো। চৰকাৰৰ ইয়াতকৈ বেছি কৰিব পৰা একো নাই। য়েমেনৰ সংবেদনশীলতাক চাওক, ভাৰতে এই দেশখনক কূটনৈতিকভাৱে স্বীকৃতি দিয়া নাই।" 

শেহতীয়াকৈ নিমিষাৰ পৰিয়ালৰ সদস্যসকলে য়েমেনত এই গোচৰৰ আন পক্ষৰ সৈতে পাৰস্পৰিকভাৱে বুজাপৰাৰে সমাধানৰ চেষ্টা আৰম্ভ কৰিছে। ইয়াৰ বাবে তেওঁলোকক আৰু কিছু সময়ৰ প্ৰয়োজন। তেওঁলোকে যাতে সেই সুবিধা লাভ কৰে তাৰ বাবে ভাৰত চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে। 

বিষয়টো সংবেদনশীলতাৰ মাজতো ভাৰতীয় বিষয়াসকলে য়েমেনৰ স্থানীয় কাৰাগাৰ কৰ্তৃপক্ষ আৰু অধিবক্তাৰ সৈতে নিয়মীয়াকৈ যোগাযোগ অব্যাহত আছে। ফলত মৃত্যুদণ্ড আপাততঃ পিছুৱাই দিয়া হৈছে বুলি সূত্ৰত জানিব পৰা গৈছে।

মন কৰিবলগীয়া যে, য়েমেনলৈ যোৱাৰ পিছত নিমিষা স্বামী টমী থমাছ আৰু তেওঁলোকৰ কন্যাৰ লগত থাকিল। পিছলৈ ২০১৪ চনত তেওঁৰ স্বামী আৰু ১১ বছৰীয়া কন্যা ভাৰতলৈ উভতি আহিছিল যদিও নিমিষা য়েমেনত থাকে। 

তাত তেওঁৰ নিজাকৈ এখন ক্লিনিক খোলাৰ আগ্ৰহ জন্মিছিল। সেই বছৰতে য়েমেনৰ নাগৰিক তালাল আব্দো মাহদীৰ সংস্পৰ্শলৈ আহিছিল তেওঁ। সেই মাহদীয়ে নিমিষাক আশ্বাস দিয়ে, তেওঁক নতুন ক্লিনিক খুলিবলৈ সহায় কৰিব। 

কাৰণ আইন অনুসৰি য়েমেনত নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ নিমিষাক স্থানীয় অংশীদাৰৰ প্ৰয়োজন আছিল। সেই অনুসৰি ২০১৫ চনত দুয়োজনে একেলগে নতুন ক্লিনিক খুলিছিল।তেতিয়াৰ পৰাই দুয়োজন অংশীদাৰৰ মাজত মতানৈক্য আৰম্ভ হৈছিল।

অভিযোগ অনুসৰি মাহদীয়ে নিমিষাৰ ধন আৰু পাছপ’ৰ্ট কাঢ়ি লৈছিল। অভিযোগ অনুসৰি মাহদীয়ে নিমিষাক প্ৰহাৰ কৰি ড্ৰাগছ সেৱন কৰিবলৈ বাধ্য কৰাইছিল। আইনী নথি-পত্ৰত নিমিষাক পত্নী হিচাপে চিনাকি কৰাই দি প্ৰশাসনিক সহায় লোৱাৰ পৰাও প্ৰায় বাধা দিছিল। 

ফলত আৰক্ষীৰ কাষ চাপিও একো নহ’ল। ফলত নাৰ্ছগৰাকীয়ে ২০১৭ চনৰ ২৫ জুলাইত মাহদীক টোপনিৰ বেজী দিবলৈ বাধ্য হৈছিল। নিমিষাই দাবী কৰে যে তেওঁৰ উদ্দেশ্য আছিল মাহদীক টোপনি যাবলৈ দি পাছপ’ৰ্ট উদ্ধাৰ কৰা। কিন্তু সেই ঔষধৰ পৰিমাণ অতিমাত্ৰা হোৱাৰ বাবে মাহদীৰ মৃত্যু হয়। 

ইয়াৰ পিছত নাৰ্ছগৰাকীয়ে হানান নামৰ সহকৰ্মী এজনৰ সৈতে মাহদীৰ মৃতদেহটো টুকুৰা টুকুৰ কৰি পানীৰ টেংকিত পেলাই দিছিল। সেই মাহতে য়েমেনৰ পৰা পলায়ন কৰাৰ সময়তে নিমিষা ধৰা পৰিছিল। তেতিয়াৰ পৰাই ভাৰতীয় যুৱতীগৰাকী য়েমেনৰ কাৰাগাৰত বন্দী হৈ আছে।

 

কেৰালা ফাঁচী