সীমান্তত গছপুলি ৰোপনক লৈ উত্তেজনা

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তস্থিত তাপাত অঞ্চলত স্থানীয় ৰাইজে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ সহযোগত এক বৃহৎ এলেকাত ৰঙা চন্দন পুলি ৰোপন কৰে ৷

author-image
Asomiya Pratidin
New Update
উত্তেজনা

উত্তেজনা

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তস্থিত তাপাত অঞ্চলত স্থানীয় ৰাইজে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ সহযোগত এক বৃহৎ এলেকাত ৰঙা চন্দন পুলি ৰোপন কৰে ৷ উক্ত ভূমি মেঘালয়ৰ বুলি দাবী কৰি একাংশ খাছীলোকে বিগত কেইবাদিনো ধৰি গছপুলি ৰোপনত বাধা প্ৰদান কৰে ৷ 

Advertisment

বুধবাৰে তাপাত প্ৰাথমিক বিদ্যালয়ত দুই ৰাজ্যৰ সীমান্তবাসী ৰাইজৰ মাজত এক আলোচনা হোৱাৰ কথা আছিল যদিও মেঘালয়ৰ খাছীলোকে আলোচনাৰ পৰিৱৰ্তে ৰোপন কৰা ৰঙা চন্দনৰ পুলিবোৰ কাটি-বিনষ্ট কৰি গুচি যাবলৈ ধৰে ৷ উক্ত ঘটনাত খৰ্গহস্ত হোৱাত অসমীয়া আৰু খাছীলোকৰ সৈতে সংঘাত হয় ৷ 

উক্ত সংঘাতৰ মাজতে অসম ভূমিৰ আশ্ৰয় শিবিৰত খাছীলোকে অগ্নিসংযোগ কৰে ৷ আনহাতে সংঘাত ক্ৰমান্বয়ে বৃদ্ধি হোৱাত অসম আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ কৰে ৷ 

সমান্তৰালকৈ, মেঘালয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মেঘালয়ৰ খাছীলোকক নিয়ন্ত্ৰণলৈ অনাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও সম্প্ৰতি উক্ত স্থানত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে ৷

অসম-মেঘালয়