/asomiyapratidin/media/media_files/2025/04/19/6oEmyIvxssTrVZcHdC1G.jpg)
ডিজিটেল ডেস্ক : সাদিন- প্ৰতিদিন গোষ্ঠীৰ পৰিয়াললৈ যোৱা কিছুদিনত আহিছে কেইবাটাও সুখবৰ। যিবোৰ খবৰে সাদিন- প্ৰতিদিন গোষ্ঠীক উৎসাহী আৰু আনন্দিত কৰি তুলিছে।
প্ৰতিদিন টাইমত কৰ্মৰত জ্যেষ্ঠ সাংবাদিক জিষ্ণু মেধিৰ পুত্ৰ বৰ্ণিল মেধিয়ে এইবাৰ দেশৰে এখন আগশাৰীৰ মেনেজমেন্ট প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছে।
/asomiyapratidin/media/media_files/2025/04/19/0Bh7xjWj2Aiv7YrG5rNG.jpg)
উল্লেখযোগ্য যে, ইণ্ডিয়ান ইনষ্টিটিউত অৱ মেনেজমেণ্ট, আহমেদাবাদত নামভৰ্তিৰ বাবে অনুষ্ঠিত হোৱা প্ৰৱেশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় বৰ্ণিল। এই প্ৰতিষ্ঠানটোত নামভৰ্তিৰ কাট অৱ মাৰ্ক আছিল ৯৯ শতাংশ । বৰ্ণিলে এই পৰীক্ষাত ৯৯.৬২ পাৰ্চেণ্টাইল লাভ কৰিবলৈ সক্ষম হয়।
অতি মেধাৱী বৰ্ণিলে দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছকমিউনিকেশ্যনত অধ্যয়ন কৰি আছিল। বৰ্ণিল অসম জাতীয় বিদ্যালয়, নুনমাটিৰ প্ৰাক্তন ছাত্ৰ।
ইফালে ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সাদিন- প্ৰতিদিন গোষ্ঠীৰ গাড়ীচালক হিচাপে কৰ্মৰত দিলীপ গাঁৱখোৱাৰ পুত্ৰ ৰোহিত গাঁৱখোৱাই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰোহিতে অসমীয়াত ১০০ৰ ভিতৰত ১০০, ইংৰাজীত ৯৫, গণিতত ৯৯, বিজ্ঞানত ৯১, সমাজ বিজ্ঞানত ৮৬ আৰু ঐচ্চিক গণিতত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিছে। সৰ্বমুঠ ৬০০ নম্বৰৰ ভিতৰত ছাত্ৰগৰাকীয়ে লাভ কৰিছে ৫৭১ নম্বৰ। তেওঁ লাভ কৰা নম্বৰৰ শতকৰা হাৰ হৈছে ৯৫.১৬৬ শতাংশ।
/asomiyapratidin/media/media_files/2025/04/19/8TZgMZ0LFl9MkVqyitki.jpg)
আনহাতে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য্য হাজৰিকাৰ কন্যাও এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ হাজৰিকাৰ কন্যা জিলমিল জোনাকে ৯০.৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। জিলমিলো অসম জাতীয় বিদ্যালয়, নুনমাটিৰে ছাত্ৰী আছিল।
/asomiyapratidin/media/media_files/2025/04/19/5uQkC1Vj4fX4lpzUHvTw.jpg)
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সাদিন- প্ৰতিদিন গোষ্ঠীৰ আন এগৰাকী কৰ্মচাৰীৰ পুত্ৰ। গাড়ীচালক বাসু পণ্ডিতৰ পুত্ৰ সন্তোষ পণ্ডিতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩টা বিষয়ত লেটাৰসহ ৭৬ শতাংশ নম্বৰেৰে পৰিয়ালটোৰ লগতে সাদিন- প্ৰতিদিন গোষ্ঠীলৈ আন এক সুখবৰ কঢ়িয়াই আনিলে।
/asomiyapratidin/media/media_files/2025/04/19/lEeNyIsSG8hO5XoRa9OK.jpg)
সাদিন- প্ৰতিদিন গোষ্ঠীত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত পুলিন মালাকাৰৰ কন্যায়ো এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। মালাকাৰৰ কন্যা স্বপ্না মালাকাৰে ৬৩.৩৩ শতাংশ নম্বৰ লাভ কৰি এই সফলতা অৰ্জন কৰিছে।
/asomiyapratidin/media/media_files/2025/04/19/cZaYLRHEYW5eIHr4tyY2.jpg)
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে,ৰাজ্যৰ বিভিন্ন স্থানত থকা সাদিন- প্ৰতিদিন গোষ্ঠীৰ বহু সাংবাদিক আৰু সংবাদকৰ্মীৰ সন্তানেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ পিতৃ-মাতৃৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
এই আটাইকেইগৰাকী সফল মেধাৱী ছাত্ৰ- ছাত্ৰীৰ লগতে পিতৃ-মাতৃক উষ্ম অভিনন্দন জ্ঞাপন কৰিছে সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ভৱিষ্যতৰ দিনত সমাজ আৰু দেশৰ হকে সেৱা আগবঢ়াই দেশ আৰু জাতিক সম্বৃদ্ধ কৰিব বুলি আশা ব্যক্ত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us