ৰঙাপৰাৰ বিভিন্ন স্থানত চলিল আবকাৰী বিভাগৰ তীব্ৰ অভিযান…

 ৰঙাপৰাৰ বিভিন্ন স্থানত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে চলাই তীব্ৰ অভিযান। ৰঙাপৰা আবকাৰী বিভাগে অবৈধ ভাৱে গঢ় লৈ উঠা চুলাই মদৰ ভাটিৰ ধ্বংস কৰিবলৈ চলায় এই অভিযান ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰঙাপৰাৰ বিভিন্ন স্থানত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে চলাই তীব্ৰ অভিযান। ৰঙাপৰা আবকাৰী বিভাগে অবৈধ ভাৱে গঢ় লৈ উঠা চুলাই মদৰ ভাটিৰ ধ্বংস কৰিবলৈ চলায় এই অভিযান ।

আবকাৰী বিভাগে প্ৰথমতে আমাৰিবাৰীৰ ভেৰভৰি গাঁৱত কেইবাটাও চুলাই মদৰ ভাটি উচ্ছেদ কৰাৰ পিছত পৰ্যায় ক্ৰমে ৰঙাপৰাৰ ৰেলৱে চিকিৎসালয়ৰ সমীপত, ফুলবাৰীৰ উপৰ কছাৰী গাঁও আৰু ৰঙাপৰাৰ উপৰ কছাৰী গাঁৱত অভিযান চলায়।

ৰঙাপৰা আবকাৰী বিভাগৰ পৰিদৰ্শক মাধুৰ্য্য তালুকদাৰ আৰু সহ পৰিদৰ্শক জয়ন্ত চৌধুৰীৰ নেতৃত্বত চলা অভিযান কালত ১০ টাকৈ চুলাই মদৰ ভাটি উচ্ছেদ কৰাৰ লগতে চুলাই মদ বনোৱা বিভিন্ন সা-সামগ্ৰী সমুহ জব্দ কৰে। ৰঙাপৰাত চুলাই মদৰ ভাটিয়ে সামাজিক আৰু শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে।

উল্লেখ্য যে ৰঙাপৰা আবকাৰী বিভাগে কাঠফুলাৰ দৰে গঢ়ি উঠা চুলাই মদৰ ভাটিবোৰ উচ্ছেদ কৰি আহিছে যদিও পুনৰাই একাংশ লোকে নৱপ্ৰজন্মক ধ্বংস কৰা চুলাই মদ প্ৰস্তুত কৰি অহাৰ বাবেই শৈক্ষিক-সামাজিক পৰিৱেশ এক প্ৰকাৰে বিনষ্ট হৈ আহিছে।

জামুগুৰিহাট আবকাৰী বিভাগ