/asomiyapratidin/media/media_files/2025/06/19/chirang-19-2025-06-19-21-50-35.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত শান্তিপুৰৰ এলেকাত অসম আৱকাৰী বিভাগে অভিযান চলাই নকল বিলাতী সুৰা প্ৰস্তুত কৰা এটা বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে। এক বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত বঙাইগাঁও জিলাৰ আৱকাৰী বিভাগৰ অধীক্ষক অমৰেন্দ্ৰ নাথৰ নেতৃত্বত গুৱাহাটীৰ আৱকাৰী চোৰাংচোৱা গোটৰ সহযোগত আজি পুৱতি নিশা ৰুণীখাতা থানাৰ অন্তৰ্গত শান্তিপুৰৰ খাগৰাবাৰী গাঁৱৰ বাসিন্দা জেবিয়াৰ নাৰ্জাৰীৰ বাসগৃহত অতৰ্কিত অভিযান চলাই নাৰ্জাৰীৰ বাসগৃহত মজুত কৰি ৰখা বিভিন্ন ব্ৰেণ্ডৰ নকল বিলাতী সুৰা আৰু নকল বিলাতী সুৰা প্ৰস্তুত কৰা এটা অত্যাধুনিক মেচিন জব্দ কৰে।
তদুপৰি জেবিয়াৰ নাৰ্জাৰীৰ বাসগৃহ বৃহৎ বিভিন্ন জনপ্ৰিয় ব্ৰেণ্ডৰ নকল বিলাতী সুৰাৰ কাৰ্টুন, বটলত ভৰাবলৈ প্ৰস্তুত কৰি ৰখা ৪০০ লিটাৰ নকল সুৰা ভৰ্তি দুটা ড্ৰাম,নকল সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহৃত ছযটা ড্ৰামত ১২০০ লিটাৰ কেমিকেল স্প্ৰীট, বিভিন্ন ব্ৰেণ্ডৰ লেবেল, সাঁফৰ, খালি কাঁচৰ বটল, সুৰাৰ বটল ভৰাবলৈ কাৰ্টুন আদিকে কৰি ইলেক্ট্ৰিক মটৰ, প্লাষ্টিকৰ নল আদি কৰি জব্দ কৰে।
জেবিয়াৰ নাৰ্জাৰীৰ বাসগৃহৰ উপৰি ফুংখা নাৰ্জাৰীৰ বাসগৃহত শীততাপ নিয়ন্ত্ৰিত কোঠালীত বৃহৎ পৰিমাণৰ নকল বিলাতী সুৰাৰ বটল ভৰ্তি কাৰ্টুন জব্দ কৰে আৰু তেওঁৰে আন এটা ভঁৰাল ঘৰত বৃহৎ পৰিমাণৰ নকল সুৰা প্ৰস্তুত কৰিবলৈ ব্যৱহৃত বিভিন্ন কেমিকেল ভৰ্তি বটল, খালী সুৰাৰ বটল, লেবেল, বটলৰ সাঁফৰ জব্দ কৰে। আৱকাৰী বিভাগৰ এই অভিযানত শান্তিপুৰ আৰক্ষী চকীৰ আৰক্ষীৰ লোকে সহযোগ আগবঢ়ায়।
আজি আৱকাৰী বিভাগৰ অভিযানৰ উমান পাই জেবিয়াৰ নাৰ্জাৰী আৰু ফুংখা নাৰ্জাৰী পলায়ন কৰে যদিও নকল সুৰা প্ৰস্তুত কৰা কাৰখানাত কাম কৰি থকা অৱস্থাত কুমাৰ বসুমতাৰী, আলংবাৰ বসুমতাৰী আৰু দৈমালু বসুমতাৰীক আটক কৰে। ধৃত তিনিজনৰে ঘৰ শোণিতপুৰ জিলাৰ চতিয়াত বুলি জানিব পৰা গৈছে।
আজিৰ এই সফল অভিযানৰ নেতৃত্ব প্ৰদান কৰা বঙাইগাঁও জিলা আৱকাৰী বিভাগৰ অধীক্ষক অমৰেন্দ্ৰ নাথে কয় যে, আমি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত শান্তিপুৰ এলেকাত নকল সুৰাৰ চোৰাং ব্যবসায়ী চক্ৰ সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰি অভিযান চলাই যিখিনি সামগ্ৰী জব্দ কৰিছো ইয়াৰ দ্বাৰা সহজেই অনুমান কৰিব পাৰি যে শান্তিপুৰৰ এই নকল বিলাতী সুৰাৰ চোৰাং ব্যৱসায়ী চক্ৰৰ সৈতে এটা শক্তিশালী চক্ৰ জড়িত হৈ আছে।
সুৰাপান সদায়েই স্বাস্থ্যৰ পক্ষে হানিকাৰক যদিও আজি উৎখাত কৰা সুৰা কাৰখানাটোত যিদৰে অস্বাস্থ্যকৰ পৰিৱেশত নকল বিলাতী সুৰা প্ৰস্তুত কৰি চিৰাং জিলাৰ উপৰি বঙাইগাঁও, কোকৰাঝাৰ, গোৱালপাৰা, ধুবুৰী জিলাৰ উপৰি বিহাৰ, ঝাৰখণ্ডলৈকে সৰবৰাহ কৰি মানুহৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। আজি জব্দ নকল বিলাতী সুৰাখিনিৰ বজাৰ মূল্য ৫০ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।
উল্লেখ্য যে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এই অবৈধ সুৰা প্ৰস্তুত কৰা কাৰখানাৰ নকল বিলাতী সুৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ লগতে বঙাইগাঁও জিলাৰ বিভিন্ন এলেকাত নকল সুৰা সৰবৰাহ কৰাৰ কাৰ্য্যত নিউ বঙাইগাঁৱৰ বিহাৰী পৰিয়াল জড়িত থকাৰ তথ্য লাভ আৱকাৰী বিভাগে লাভ কৰিছে বুলি জানিব পৰা গৈছে।
সমগ্ৰ ঘটনাত চিৰাং আৱকাৰী বিভাগৰ কিছু কৰ্মচাৰীৰ সৈতে নকল বিলাতী সুৰা কাৰখানা চলোৱা চক্ৰৰ সৈতে গোপন বুজাবুজি থকাৰ তথ্য ইতিমধ্যেই অভিযানকাৰী দলে লাভ কৰিছে বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে চিৰাং জিলাত আৱকাৰী বিভাগ আৰু সক্ৰিয় আৰক্ষী প্ৰশাসন থকাৰ পিছতো জনবসতি এলেকাত এইদৰে নকল বিলাতী সুৰা প্ৰস্তুত কৰাৰ কাৰখানা স্থাপন কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে আৰু তেওঁলোকে গমকে নেপায় অথচ বঙাইগাঁও জিলা আৰু গুৱাহাটীৰ পৰা আৱকাৰী বিভাগৰ লোকে আহি নকল সুৰা প্ৰস্তুত কৰা কাৰখানা উৎখাত কৰিছে।