/asomiyapratidin/media/media_files/2025/07/10/whatsapp-ima-2025-07-10-22-43-25.jpeg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ আবকাৰী বিভাগে বিগত কেবাদিন ধৰি জিলাখনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। বৃহস্পতিবাৰেও জিলাখনৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই জব্দ কৰিবলৈ সক্ষম হয়।
নগাঁও জিলা আবকাৰী বিভাগৰ অধীক্ষক বৰিছ বৰকাকতি, নগাঁও সদৰ চক্ৰৰ পৰিদৰ্শক চিকে বৰুৱাৰ নেতৃত্বত যোৱা আবকাৰী বিভাগৰ দলে নগাঁও সদৰ চক্ৰৰ অন্তৰ্গত বেবেজীয়া, জাজৰ, বগৰিগুৰি অঞ্চলত এই অভিযান চলাইচিল। অভিযানৰ সময়ত দলটোৱে বৃহৎ চুলাই মদ নষ্ট কৰাৰ লগতে চুলাই তৈয়াৰ কৰা সামগ্ৰী,পাছ আদি জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আবকাৰী বিভাগে দুগৰাকী মহিলাক আটক কৰি বিভাগীয় নীতি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us