ক্ষমা খুজিব নে ৰাহুল গান্ধীয়ে ? প্ৰশ্ন কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ এচ প্ৰসাদে…

ক্ষমা খুজিব নে ৰাহুল গান্ধীয়ে ? প্ৰশ্ন কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ এচ প্ৰসাদে…

ডিজিটেল ডেস্ক : বিতৰ্কিত পেগাছাচ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া শুনানিৰ পাছতেই সৰৱ হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকল । বিভিন্ন দলৰ ২৯ গৰাকী নেতাৰ ব্যক্তিগত ফোনত পেগাছাচৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ তুলিছিল কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীয়ে । কিন্তু এই অভিযোগ মিছা বুলি ৰায়দান দিয়ে উচ্চতম ন্যায়ালয়ে ।

এই ৰায়দানৰ পাছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে প্ৰশ্ন উত্থাপন কৰে ৰাহুল গান্ধীলৈ । ক্ৰমাগতভাৱে সকলো নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত চৰকাৰৰ ভাৱমূৰ্তি হেয় কৰাৰ নিমিত্তে এনে অভিযোগ কংগ্ৰেছী নেতাজনে তুলিছিল বুলি মন্তব্য প্ৰদান কৰে প্ৰসাদে । ইয়াৰ ওপৰিও পেগাছাচ দেশৰ গণতন্ত্ৰৰ বাবে এক ভাবুকি বুলিও মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে যাৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ আহ্বান কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in