/asomiyapratidin/media/media_files/2025/07/17/web-ap-bjp-1-2025-07-17-17-08-55.jpg)
ডিজিটেল ডেস্কঃ ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে তৎপৰতা আৰম্ভ কৰিছে। তাৰেই অংশ হিচাপে দলটোৱে আজি বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে। এই যোগদান কাৰ্যসূচীত আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে ৰাজ্যৰ কেইবাটাও ৰাজনৈতিক দলৰ নেতাৰ লগতে প্ৰাক্তন বিদ্ৰোহীয়েও।
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত দলটোৰ আন কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ লগতে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুও উপস্থিত থাকে। তথ্য অনুসৰি এই যোগদান কাৰ্যসূচীত ৫০ জনতকৈ অধিক ব্যক্তিয়ে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে।
সেইসকলৰ ভিতৰত আপৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ, প্ৰাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাও অন্যতম।
কোনে কোনে পৰিধান কৰিলে গেৰুৱা বসন?
বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি গেৰুৱা বসন পৰিধান কৰা নেতাসকলৰ ভিতৰত অন্যতম আপৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ। ধানোৱাৰে ২০২৪ চনৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাজিত হৈছিল। তাৰ কিছু মাহৰ পিছতেই তেওঁ ব্যক্তিগত কাৰণৰ অজুহাতত দলটোৰ সভাপতি পদৰ পৰা অব্যাহতি লৈছিল।
আনহাতে আজি বিজেপিত যোগদান কৰা আন এজন চৰ্চিত ব্যক্তি হৈছে প্ৰাক্তন আলফা মনোজ ৰাভা। দৃষ্টি ৰাজখোৱা হিচাপে সৰ্বজন পৰিচিত এইগৰাকী প্ৰাক্তন বিদ্ৰোহীয়ে বিজেপিত যোগদান কৰিব বুলি যোৱা প্ৰায় এটা বছৰে চৰ্চিত হৈ আছিল।
এসময়ৰ আলফা (স্বা)ৰ উপ-সেনাধিনায়ক দৃষ্টি ৰাজখোৱা আছিল নিষিদ্ধ ঘোষিত সংগঠনটোৰ ১০৯ নং বেটেলিয়নৰো কামাণ্ডাৰ। এইগৰাকী নেতাৰ পিতৃ-মাতৃক ১৯৯৯ চনৰ ৯ মাৰ্চত গুপ্ত হত্যাকাৰীয়ে হত্যা কৰিছিল। ১৯৮৮ চনৰ পৰা ২০২০ চনলৈ তেওঁ প্ৰায় ৩ টা দশক কাল আছিল সংগঠনটোত। ২০২০ ৰ ১১ নৱেম্বৰত তেওঁ মেঘালয়ত সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
স্বাধীন অসমৰ সপোন দেখা এইগৰাকী নেতাই এতিয়া নিৰ্বাচনী ৰাজনীতিত ভৰি থৈছে। চৰ্চা চলিছে ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ হ’ব গোৱালপাৰা জিলাৰ এটা সমষ্টিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ।
বিজেপিত আজি যোগদান কৰা আন একাংশ নেতাৰ ভিতৰত অন্যতম গোৰ্খা ছাত্ৰ সন্থাৰ পূৰ্বৰ সভাপতি অৰ্জুন চেত্ৰী, বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা মুখপাত্ৰ অমল পোটাৱাৰী, অভিনেতা ত্ৰিদিপ তালুকদাৰ, শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মাধূৰ্য গোস্বামী, ৰাইজৰ দলৰ যুৱ বাহিনীৰ প্ৰাক্তন সাধাৰণ সম্পাদক নিৰ্মল পায়েং, শিক্ষাবিদ তথা নগাওঁ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰশান্ত শইকীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া, অধিবক্তা অসীম চমুৱা আদি।
দিলীপ শইকীয়াৰ উচ্চ প্ৰশংসা
এই যোগদান অনুষ্ঠানত বিভিন্ন দল, সংগঠনৰ প্ৰাক্তন নেতৃত্বক বিজেপিলৈ আদৰণি জনাই দলটোৰ সভাপতি দিলীপ শইকীয়াই কয়, সকলোৰে বাবে বিজেপিৰ দুৱাৰ খোলা আছে। কিন্তু কিছু কৌশলগত কাৰণতহে আমি কইজনমান লোকক যোগদান কৰোৱাইছো।
আজি দলটোত যোগদান কৰা আপৰ প্ৰাক্তন ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ উচ্চ প্ৰশংসা কৰি শইকীয়াই আৰু কয়, ‘আপ কা বাপ বিজেপি বুলি বুজি পাইছে মনোজ ধানোৱাৰে। তেওঁ স্কুল খুলি এটা ভাল পৰম্পৰা চলাই আছে।
একেদৰেই তেওঁ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা অৰ্জুন চেত্ৰীকো প্ৰশংসা কৰে। অখিল গগৈৰ লগত বেছিদিন মানুহ তিষ্ঠা থাকিব নোৱাৰে বুলি উল্লেখ কৰি শইকীয়াই কয়, কমল মেধিৰ পৰা নিৰ্মল পায়েঙলৈ সকলোৱে অখিল গগৈৰ সংগ ত্যাগ কৰিছে।
সেইদৰেই দলটোত যোগদান কৰা আন আন নেতাসকলকো তেওঁ মুকলি প্ৰশংসা কৰে। ভাষণত শইকীয়াই খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰসংগ উল্লেখ কৰি কয়, খিলঞ্জীয়াক সুৰক্ষা দিবলৈ বিজেপিয়েই হ’ল একমাত্ৰ বিকল্প।
ৰাহুল গান্ধীক সমালোচনা
বুধবাৰে কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰি লোকসভাৰি বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰো তেওঁ আজি পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ অসমৰ সংবাদ মাধ্যমক ৰাহুল গান্ধীয়ে অপমান কৰা বুলি অভিযোগ কৰি কয় যে, সংবাদ মাধ্যমে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব লাগে। তেওঁৰ কথা আমাৰ গাত লাগিছে, মই ভাবোঁ সংবাদ মাধ্যমৰ গাতো লাগিছে। সংবাদ মাধ্যমে কেতিয়াবা সমালোচনা কৰিব, কেতিয়াবা প্ৰশংসা কৰিব সেইখিনি সহ্য কৰিব পাৰিব লাগিব।