টিহুৰ অসম আন্দোলনৰ কৰ্মী নৰেন গোস্বামীৰ মৃত্যু...

টিহু অগপ, টিহু ৰাজহুৱা পুথিভঁৰাল সমিতি, টিহু সাহিত্য সভা, টিহু শিল্পী সমাজ আদি দল সংগঠন তথা ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰে
প্ৰয়াত নৰেন গোস্বামী
প্ৰয়াত নৰেন গোস্বামী

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ টিহুৰ এগৰাকী আগশাৰীৰ সাংস্কৃতিক কৰ্মী, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী তথা প্ৰাক্তন ছাত্ৰ নেতা নৰেন গোস্বামীৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ২৬ অক্টোবৰৰ নিশা নিজৰ বাসগৃহত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬২ বছৰ।

প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ টিহুৰ নান্নাট্টাৰীস্থিত বাসগৃহত ভালেসংখ্যক গুণমুগ্ধ উপস্থিত হৈ নেতাগৰাকীলৈ শ্ৰদ্ধা জনায়।

উল্লেখ্য যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোস্বামী টিহুৰ সাংস্কৃতিক জগতৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল । চামৰাৰ সকলো ধৰণৰ বাদ্য বজোৱাত এগৰাকী সুদক্ষ বাদক হিচাপে পৰিচিত গোস্বামীয়ে অসম আন্দোলনৰ সময়ত টিহু অঞ্চলত উলিওৱা সুৰ বাহিনীৰ অন্যতম উদ্যোক্তা আছিল । টিহুৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন টিহু টাউন ক্লাবৰ অন্যতম সদস্য গোস্বামীয়ে টিহু নাটচ’ৰাৰ কেবাখনো নাটকত বলিষ্ঠ অভিনয় কৰিছিল ।

সাংস্কৃতিক ক্ষেত্ৰখনৰ উপৰি প্ৰয়াত গোস্বামী টিহু ৰাস মহোৎসৱ উদযাপন সমিতি, টিহু কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি, নান্নাট্টাৰী দৌল মহোৎসৱ, টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱ আদি সামাজিক তথা সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল।

সহজ-সৰল, খোলাখুলি স্বভাৱৰ বাবে সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰা গোস্বামীৰ মৃত্যুত সমগ্ৰ টিহু অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰে । তেওঁৰ মৃত্যুত বিশিষ্ট নাট্যকাৰ হেমন্তৰাজ, টিহু পৌৰসভাৰ প্ৰাক্তন পৌৰপতি প্ৰফুল্ল কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, নান্নাট্টাৰী গাঁও উন্নয়ন সমিতি, অসম নাট্য সন্মিলনৰ টিহু শাখা, টিহু মণ্ডল বিজেপি, টিহু টাউন ক্লাব, নাটচ’ৰা, টিহু ৰাস মহোৎসৱ উদ্‌যাপন সমিতি, টিহু শ্ৰীশ্ৰীদুৰ্গা পূজা মহোৎসৱ উদ্‌যাপন সমিতি, টিহু আঞ্চলিক ছাত্ৰ সন্থা, টিহু অগপ, টিহু ৰাজহুৱা পুথিভঁৰাল সমিতি, টিহু সাহিত্য সভা, টিহুৰ শিল্পী সমাজ আদি দল সংগঠন তথা ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত গোস্বামীয়ে পত্নীৰ উপৰি এগৰাকী কন্যা সন্তান সহ বহুতো গুণমুগ্ধক এৰি থৈ যায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in