ভয়াৱহ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি ল'লে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীয়ে...

চৰকাৰ বিৰোধী এই ভয়ংকৰ প্ৰতিবাদৰ এদিন পিছতে প্ৰতিবাদকাৰীসকলে নেপালৰ একাংশ বিৰোধী শীৰ্ষ ৰাজনৈতিক নেতাৰ ঘৰত অগ্নিসংযোগ কৰে ৷ নেপালত এইদৰেই প্ৰতিবাদ অপ্ৰতিৰোধ্য হৈ পৰিছে...

author-image
Asomiya Pratidin
New Update
new ap web  4 (4)

ডিজিটেল ডেস্কঃ নেপালৰ কাঠমাণ্ডুত চৰকাৰ বিৰোধী ব্যাপক প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলানাথ খানালৰ ডালুস্থিত বাসগৃহ। উক্ত সময়ছোৱাত ঘৰৰ ভিতৰত আছিল খানালৰ পত্নী ৰাজালক্ষ্মী চিত্ৰকাৰ।

জুইৰ লেলিহান শিখাই বাসগৃহটো আগুৰি ধৰাত ঘৰতে আৱদ্ধ হৈ মৃত্যুমুখত পৰে ৰাজালক্ষ্মী চিত্ৰকাৰ। প্ৰাপ্ত তথ্য অনুসৰি, ৰাজালক্ষ্মীক প্ৰথমে সংকটজনক অৱস্থাত কীৰ্তিপুৰ বাৰ্ন হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। 

উল্লেখ্য যে, চৰকাৰ বিৰোধী এই ভয়ংকৰ প্ৰতিবাদৰ এদিন পিছতে প্ৰতিবাদকাৰীসকলে নেপালৰ একাংশ বিৰোধী শীৰ্ষ ৰাজনৈতিক নেতাৰ ঘৰত অগ্নিসংযোগ কৰে ৷ অগ্নিসংযোগ কৰা ঘৰসমূহৰ ভিতৰত আছে - বৃহত্তম দল নেপালী কংগ্ৰেছৰ নেতা শ্বেৰ বাহাদুৰ দেউবা, ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেল, গৃহমন্ত্ৰী ৰমেশ লেখক আৰু নেপালৰ কমিউনিষ্ট দলৰ নেতা মাওবাদী পুষ্পকমল দাহালৰ ঘৰ ।

নেপালত এতিয়া এইদৰেই  প্ৰতিবাদ অপ্ৰতিৰোধ্য হৈ পৰাৰ লগতে হিংসাত্মক ৰূপ ধাৰণ কৰিছে। অৱশ্যে প্ৰতিবাদৰ নেতৃত্ব লোৱা জেন জেডৰ এটা অংশই প্ৰতিবাদকাৰীক শান্ত হ’বলৈ আহ্বান জনাইছে। 

নেপাল