কাৱৈমাৰি খেল পথাৰত মাৰাথান দৌৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ...

কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাই আয়োজন কৰা খেলখনৰ জাক-জমকতাত প্ৰশংসাত পঞ্চমুখ হৈ পৰে অভিনেত্ৰী গৰাকী

author-image
Asomiya Pratidin
New Update
কাৱৈমাৰি খেল পথাৰত মাৰাথান দৌৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ...

Angurlata Deka

ডিজিটেল সংবাদ, ৰূপহীহাটঃ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰী সমষ্টিৰ কাৱৈমাৰীত বৃহস্পতিবাৰে এখন নৈশ ফুলটবল খেলৰ শুভ উদ্বোধন কৰে বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকাই। নিশা হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত খেলখন উদ্বোধন কৰি অভিনেত্ৰী গৰাকীয়ে খেল পথাৰত মাৰাথান দৌৰ দি দৰ্শকৰ মন জয় কৰে।

Advertisment

খেলখনত আঙুৰলতা ডেকাৰ লগতে উপস্থিত থাকে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া। কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাই আয়োজন কৰা খেলখনৰ জাক-জমকতাত প্ৰশংসাত পঞ্চমুখ হৈ পৰে অভিনেত্ৰী গৰাকী।

উল্লেখ্য যে, কাৱৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ আছে এক সুখীয়া পৰিচয়,কাৱৈমাৰীৰ পৰাই হকী খেলৰ প্ৰশিক্ষণ লৈ বহু খেলুৱৈয়ে স্থান পাইছে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ত। ল'ৰাৰ খেলৰ লগতে ছোৱালী সকলেও খেলৰ প্ৰতি মনোনিবেশ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াই প্ৰাক্তন বিধায়িকা আঙুৰলতাই।

assam angurlata chamuguri