ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ শেষকৃত্য

সোমবাৰে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যোষ্টিক্ৰিয়া। ৰাজকোটত ভালেসংখ্যক লোকৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে। 

author-image
Asomiya Pratidin
New Update
vijay rupani

ডিজিটেল ডেস্ক : সোমবাৰে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যোষ্টিক্ৰিয়া। ৰাজকোটত ভালেসংখ্যক লোকৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে। 

Advertisment

ইতিমধ্যে ৰাজকোটত ৰূপানীৰ শেষকৃত্য পৰ্বৰ বাবে যাৱতীয় কাম- কাজ সম্পন্ন কৰা বুলি সদৰী কৰিছে ৰাজ্যিক বিজেপিৰ এগৰাকী বিষয়ববীয়াই। তাৰোপৰি আজিৰ এই দিনটোত এদিনীয়া শোক দিৱস পালন কৰাৰ কথাও অৱগত কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।

উল্লেখযোগ্য যে, আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত হোৱা মুখ্যমন্ত্ৰী ৰূপানীৰ দেহৰ ডি এন এ পৰীক্ষা দেওবাৰে সম্পন্ন কৰা হৈছে। ডি এন এ পৰীক্ষা সম্পন্ন হোৱাৰ এদিন পাচতে আজি তেওঁৰ শেষকৃত্য সম্পন্ন কৰিব ৰাজ্যিক মৰ্যাদাৰে।

ahmedabad