/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/85a15b38-5042-4d1d-88f0-f2544191505e/forest.jpg)
প্ৰাক্তন বন বিষয়া গহীন চন্দ্ৰ বৰাৰ মৃত্যু
ডিজিটেল সংবাদ,নগাঁও : প্ৰাক্তন বন বিষয়া গহীন চন্দ্ৰ বৰাৰ মৃত্যু ৷ পুৱা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱতি লয় প্ৰাক্তন বিষয়া বৰাই ৷ মৃত্যুৰ সময়ত বন সংমণ্ডল বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা গহীন চন্দ্ৰ বৰাৰ বয়স হৈছিল ৬৫ বছৰ ৷
নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও মাধবদেৱ পথৰ বাসিন্দা বৰাৰ মৃত্যুত শোঁকৰ ছাঁ পৰিছে নগাঁৱত ৷ পুৱা সাত বজাত নিজা বাসভৱনত মৃত্যুক সাৱতি লোৱা বৰাই পত্নী , কন্যাক ইহসংসাৰত এৰি থৈ গৈছে ৷ দুপৰ ভাগত হয়বৰগাঁও শ্মশানত গহীন চন্দ্ৰ বৰাৰ মৃতদেহ সৎকাৰ কৰা হয় ৷
আৰু পঢ়কঃ কমাৰগাঁৱত সঘনাই হোৱা পথ দুৰ্ঘটনাৰ বাবে পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে প্ৰতিবাদ বিভিন্ন সংগঠনৰ