নগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী পালন...

নগাঁও আৰক্ষী চাউনিৰ সভাগৃহত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত নগাঁৱৰ বিভিন্ন বিদ্যালয়ৰ ৪ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
নগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী পালন...

তৰুণ গগৈ

ডিজিটেল সংবাদ, নগাঁওঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী বুধবাৰে সাংসদ গৌৰৱ গগৈ ফেন ক্লাব আৰু নগাঁও জিলা এন এচ ইউ আইৰ উদ্যোগত নগাঁৱত পালন কৰে। নগাঁও ছহীদ ভৱনৰ সম্মুখত অনুষ্ঠিত শ্ৰদ্ধঞ্জলী অনুষ্ঠানত তৰুণ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গুণমুগ্ধই।

Advertisment

অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মৃণাল হাজৰিকা, নগাঁও জিলা কংগ্ৰছৰ সভাপতি সুৰেশ বৰা, সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামী, এন এচ ইউ আইৰ নগাঁও জিলা সমিতিৰ সভাপতি পল্লব জ্যোতি নাথ, উদযাপন সমিতিৰ সভাপতি কল্যাণ কলিতা আদিয়ে অংশগ্ৰহণ কৰে।

নগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী উদযাপন
নগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকী উদযাপন

আয়োজক সমিতিয়ে জনোৱা অনুসৰি নগাঁও আৰক্ষী চাউনিৰ সভাগৃহত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত নগাঁৱৰ বিভিন্ন বিদ্যালয়ৰ ৪ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। তিনিটা শাখাত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত প্ৰতিটো শাখাতে ১০ জনকৈ প্ৰতিযোগীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়। চাব জুনিয়ৰ শাখাত কলং ভেলী ছিনিয়ৰ চেকেণ্ডেৰি স্কুল, মিছন হাইস্কুল আৰু চেন্ট ব'নিফেছ স্কুলে স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ জুনিয়ৰ শাখাত চেন্ট ব'নিফেছ,খ্ৰীষ্টজ্যোতি স্কুল আৰু দ্ৰোণাচাৰ্য ছিনিয়ৰ চেকেণ্ডেৰি স্কুলে স্থান লাভ কৰিবলৈ সক্ষম হয়।

তাৰোপৰি চিনিয়ৰ শাখাত ৰেণেছা ছিনিয়ৰ চেকেণ্ডেৰি স্কুল,জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শিঙীয়া পোটনি হাইস্কুলে স্থান লাভ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে।

আৰু পঢ়কঃ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত বনৰীয়া হাতীৰ আতংক...

nagaon assam tarun gogoi gaurav gogoi