/asomiyapratidin/media/media_files/2025/11/26/ap-web-1-5-2025-11-26-17-55-01.jpg)
ডিজিটেল ডেস্কঃ দেশৰ মুখ্য ন্যায়াধীশ পদৰ শপত গ্ৰহণ অনুষ্ঠানত এক অতি উদাৰচিত্ত দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইয়ে তেওঁৰ পৰৱৰ্তী তথা বৰ্তমান মুখ্য ন্যায়াধীশৰ বাবে ৰাষ্ট্ৰপতি ভৱনত চৰকাৰীভাৱে প্ৰদান কৰা বিলাসী বাহনখন এৰি থৈ অহাৰ সিদ্ধান্ত লয়।
সাধাৰণতে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কাৰ্য্যকাল শেষ হোৱাৰ দিনা বা তেওঁলোকৰ বিদায় অনুষ্ঠানৰ পিছত, ৰাষ্ট্ৰপতি ভৱনৰ পৰা ঘৰলৈ উভতি অহাৰ বাবে চৰকাৰী মৰ্যাদাৰ গাড়ী লাভ কৰে। কিন্তু ন্যায়াধীশ গাভাইয়ে এই বিশেষ গাড়ীখন (মাৰ্চিডিজ) গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
বাহনখন তেওঁ নতুন মুখ্য ন্যায়াধীশ সূৰ্যকান্তই ব্যৱহাৰ কৰিবলৈ এৰি থৈ যায়, যিয়ে তেওঁৰ সহজ-সৰল জীৱনশৈলীকো প্ৰতিফলিত কৰে। তেওঁৰ এই পদক্ষেপৰ সকলোৱে একেমুখে শলাগ লয়।
উল্লেখ্য যে,অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গাভাইয়ে এই পদক্ষেপৰ জৰিয়তে এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে যে ব্যক্তিগত সুবিধাৰ পৰিৱৰ্তে, ন্যায়পালিকাৰ প্ৰতিষ্ঠানিক মৰ্যাদা আৰু শৃংখলাই তেওঁৰ বাবে অধিক গুৰুত্বপূৰ্ণ।
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গৰাকীৰ এই সিদ্ধান্তক ৰাজনৈতিক আৰু ন্যায়িক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি তথা সংবাদ মাধ্যমসমূহে উচ্চ প্ৰশংসা কৰিছে, যিটোৱে চৰকাৰী পদাধিকাৰীসকলৰ বাবে এক নতুন আদৰ্শ স্থাপন কৰিলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us