/asomiyapratidin/media/media_files/2025/06/25/iuii-2025-06-25-08-51-31.jpg)
ডিজিটেল ডেস্কঃ বছৰ বছৰ ধৰি পৰিয়ালৰ অৱহেলা আৰু কন্যাসকলৰ সৈতে উত্তৰাধিকাৰক লৈ হোৱা তিক্ত বিবাদত বিৰক্ত হৈ ৬৫ বছৰীয়া অৱসৰপ্ৰাপ্ত সেনা জোৱান বিজয়নে তামিলনাডুৰ তিৰুভান্নামলাই জিলাৰ ৰেনুকাম্বল মন্দিৰলৈ ৪ কোটি টকাৰ সম্পত্তি দান কৰাৰ এক ঘটনা পোহৰলৈ আহিছে।
তেওঁ মন্দিৰৰ ওচৰৰে এটা ৩ কোটি টকা মূল্যৰ দুমহলীয়া অট্টালিকা আৰু ১৫০০ বৰ্গফুটৰ ১ কোটি টকাৰ এটা ঘৰৰ নথিপত্ৰ মন্দিৰৰ কোষাগাৰত জমা দিয়ে। মন্দিৰ কৰ্তৃপক্ষক বিজয়নে কয়, ‘মই মোৰ দেশৰ সেৱা কৰিছিলো, মোৰ জীৱনৰ সঞ্চয়ৰে এই ঘৰবোৰ নিৰ্মাণ কৰিছিলো আৰু মোৰ সন্তানক প্ৰদান কৰাৰ সপোন দেখিছিলো।
“কিন্তু যেতিয়া তেওঁলোকে মোক কেৱল যুঁজিবলগীয়া সম্পত্তি হিচাপেহে চাবলৈ ধৰিলে, তেতিয়া মই সিদ্ধান্ত ল’লোঁ যে মই সকলো বস্তু ঈশ্বৰীয় মাতৃৰ বাবে উৎসৰ্গা কৰিম।” তেওঁৰ এই সিদ্ধান্তৰ ফলত তেওঁৰ পত্নী কস্তুৰী, আৰু তেওঁলোকৰ দুগৰাকী কন্যা উত্তৰাধিকাৰৰ পৰা বঞ্চিত হৈছে।