সমবায় পৰিচালনা প্ৰতিষ্ঠানত পৰিল চৰকাৰী উচ্ছেদৰ হাতুৰী

মঙলবাৰে পুনৰ শিলসাঁকোত প্রশাসনে চলালে উচ্ছেদ অভিযান। অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠানৰ পাছত এইবাৰ সমবায় পৰিচালনা প্ৰতিষ্ঠানত পৰিল চৰকাৰী উচ্ছেদৰ হাতুৰী।

author-image
Asomiya Pratidin
New Update
পুনৰ শিলসাঁকোত প্রশাসনৰ উচ্ছেদ অভিযান

পুনৰ শিলসাঁকোত প্রশাসনৰ উচ্ছেদ অভিযান

ডিজিটেল ডেস্কঃ মঙলবাৰে পুনৰ শিলসাঁকোত প্রশাসনে চলালে উচ্ছেদ অভিযান। অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠানৰ পাছত এইবাৰ সমবায় পৰিচালনা প্ৰতিষ্ঠানত পৰিল চৰকাৰী উচ্ছেদৰ হাতুৰী। শিলসাঁকোক বেদখলমুক্ত কৰাৰ নামত বাচি বাচি চলিছে এই উচ্ছেদ অভিযান। পিছে এতিয়াও বুলড'জাৰ চলা নাই চৰকাৰে সদায় অবৈধ ঘোষণা কৰা জিঞ্জাৰ হোটেল আৰু আন আন ব্যৱসায়িক প্ৰতিষ্ঠানত।

Advertisment

চৰকাৰে কৃত্রিমবান ৰোধৰ বাবে পুনৰ চলোৱা এই উচ্ছেদত ৰাজ্যৰ গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিত থাকে। এই সমবায় পৰিচালনা প্ৰতিষ্ঠানখন ৰিহাবাৰীলৈ স্থানান্তৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে। প্রতিষ্ঠানটোৰ বাবে সোণাপুৰতো মাটি দিছে ৰাজ্য চৰকাৰে। আনহাতে ক্ষতিপূৰণ হিচাপে প্রতিষ্ঠানখনক দিয়া হৈছে ১০ কোটি টকা। ইফালে জিঞ্জাৰ হোটেল, কোপাৰেটিভ বেংক , আইডিয়েল-হিল-ভিউ কে ধৰি অবৈধ দখলকাৰীৰ কবলত থকা স্থানসমূহ কেতিয়া উচ্ছেদ চলোৱা হ’ব সেইয়া স্পষ্ট কৰা নাই প্ৰশাসনে।

উচ্ছেদ অভিযান উচ্ছেদ শিলসাঁকো