/asomiyapratidin/media/media_files/2025/07/18/mjn-2025-07-18-17-35-32.jpg)
অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে উচ্ছেদৰ প্ৰয়োজনীয়তা আছেঃ বীৰ লাচিত সেনা
ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীৰ নেঘেৰিবিলত বেদখলকাৰীক উচ্ছেদ কৰাক লৈ এতিয়া চৰকাৰ প্ৰশাসনৰ লগতে তৎপৰ হৈ পৰিছে জাতীয় সংগঠনসমূহ। নেঘেৰিবিল গাঁৱত বংগমূলীয় মুছলমানৰ অস্বাভাৱিক জনসংখ্যা বিস্ফোৰণ তথা জনগাঁঠনি সলনি হোৱাৰ আশংকাত সকলো দল সংগঠনে উচ্ছেদৰ পোষকতা কৰিছে।
শুকুৰবাৰে বীৰ লাচিত সেনাৰ গোলাঘাট জিলা সমিতিৰ এটা প্ৰতিনিধি দল নেঘেৰিবিলত উপস্থিত হৈ গাঁওখনত বংগমূলীয় মুছলমান লোকৰ গতিবিধি প্ৰত্যক্ষ কৰে। সংগঠনটোৰ জিলা সমিতিৰ সভাপতি অভিলাষ বৰাৰ নেতৃত্বত যোৱা দলটোৱে গাঁওখন পৰিভ্ৰমণ কৰি অসমীয়াৰ স্বাৰ্থ ৰক্ষাৰ হেতু উচ্ছেদৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে।
ইফালে গাঁওখনত বসবাস কৰা বংগমূলীয় মুছলমান লোকসকলে লাভ কৰা চৰকাৰী সা সুবিধা প্ৰত্যক্ষ কৰি হতচকিত হৈ পৰে বীৰ লাচিত সেনাৰ প্ৰতিনিধি দলটো। সন্দেহজনক নাগৰিকৰ গাঁও বুলি অভিযোগ উঠা গাঁওখনত পকীপথ, বিজুলী, খোৱাপানী,অংগনৱাড়ী কেন্দ্ৰ আদি চৰকাৰে কেনেকৈ আৱন্টন দিলে বুলি প্ৰশ্ন কৰে সংগঠনটোৱে।
উল্লেখযোগ্য যে, নেঘেৰিবিল গাঁৱৰ বংগমূলীয় মুছলমান লোকসকলৰ ৯০ শতাংশই ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হৈছে। শুকুৰবাৰে বীৰ লাচিত সেনাৰ প্ৰতিনিধি দলটোৰ লগত গাঁওখন পৰিদৰ্শন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উপদেষ্টা নিকুঞ্জ মেধিয়েও।