/asomiyapratidin/media/media_files/2025/07/25/sribhumi-25-2025-07-25-13-16-33.jpg)
ডিজিটেল সংবাদ শ্ৰীভূমিঃ ধুবুৰি, গোৱালপাৰা, উৰীয়ামঘাটৰ পিছত এইবাৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ’ব বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত। এই তথ্য সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে মন্ত্ৰী কৃষেন্দু পালে।
মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি শ্ৰীভূমি জিলাৰ পাথাৰকান্দিতো হ’ব উচ্ছেদ অভিযান। বিশেষ কৈ দোহালিয়া, পাথাৰীয়া, লোযাইৰপোৱা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে চলাব এই উচ্ছেদ অভিযান।
এই সংৰক্ষিত বনাঞ্চলত যোৱা সময়ছোৱাত হেজাৰ হেজাৰ বিঘা ভূমি বেদখল কৰি বছৰ বছৰ ধৰি ইয়াত বন ধ্বংস কৰি ব্যক্তিগত লাভালাভৰ বাবে ৰোপণ কৰিছে ৰবৰ গছ, বনাঞ্চলৰ ভূমিত গঢ়ি তুলিছে কলৰ বাগান, তামোল বাগান আদি।
সম্প্ৰতি ৰাজ্যত বনাঞ্চলসমূহত আৰম্ভ হোৱা উচ্ছেদ অভিযানক সমৰ্থন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰি মন্ত্ৰী কৃষেন্দু পালে বনাঞ্চল ধ্বংস, বেদখলৰ বাবে কংগ্ৰেছক চোকা সমালোচনা কৰে। তেওঁ কয়, কংগ্ৰেছে উচ্ছেদ অভিযানক লৈ যুঁজ এখন হ’ব বুলি কৈছে। সঁচাকৈয়ে সেই যুঁজখন হ’ব, কিন্তু সেই যুঁজ কংগ্ৰেছৰ ভিতৰত হে হ’ব, বিজেপিৰ লগত নহয়।
তেওঁ অভিযোগ কৰি কয়, এটা বিশেষ সম্প্ৰদায়ৰ লোকে চৰকাৰী ভূমি বেদখল কৰি নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছিল। কিন্তু বৰ্তমানৰ চৰকাৰে আৰু এনে হ'বলৈ নিদিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us