আজি ৬দিনত ভৰি দিলে নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানে

অসম বন বিভাগৰ উদ্যোগত, গোলাঘাট জিলা প্ৰশাসন, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী, নাগালেণ্ড চৰকাৰ আৰু গোলাঘাট আৰক্ষীৰ সমন্বয়ে চলি থকা উচ্ছেদ অভিযান দেওবাৰে ৬ষ্ঠ দিনত ভৰি দি নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশলৈ বিস্তাৰ লাভ কৰে ।

author-image
Asomiya Pratidin
New Update
01

ডিজিটেল সংবাদ, গোলাঘাট : অসম বন বিভাগৰ উদ্যোগত, গোলাঘাট জিলা প্ৰশাসন, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী, নাগালেণ্ড চৰকাৰ আৰু গোলাঘাট আৰক্ষীৰ সমন্বয়ে চলি থকা উচ্ছেদ অভিযান দেওবাৰে ৬ষ্ঠ দিনত ভৰি দি নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশলৈ বিস্তাৰ লাভ কৰে। ইয়াৰ আগতে পাঁচদিনীয়া উচ্ছেদ অভিযানৰ জৰিয়তে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বৃহৎ অঞ্চল পুনৰুদ্ধাৰ কৰা হয়।

Advertisment

WhatsApp Image 2025-08-03 at 7.59.37 PM

আজিৰ কাৰ্যসূচীত সেই অভিযানৰ পৰৱৰ্তী পৰ্যায় হিচাপে গেলাজান আৰু ৩ নং ৰজাপুখুৰীৰ অবৈধভাৱে অধিকৃত বনভূমিত শান্তিপূৰ্ণভাৱে অভিযান চলোৱা হয়। য’ত যিকোনো ধৰণৰ প্ৰতিৰোধৰ অবিহনে বনভূমি উদ্ধাৰ কৰা হয়। 

WhatsApp Image 2025-08-03 at 7.59.35 PM

আজিৰ অভিযানত ৩৫০তকৈ অধিক অবৈধ পৰিয়াল উচ্ছেদ কৰা হয় আৰু প্ৰায় ১,০০০ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ কৰা সক্ষম হয়। অভিযানৰ সময়ত, বিশেষ মুখ্য সচিব এম.কে. যাদৱ, গোলাঘাট জিলা আয়ুক্ত পুলক মহন্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু মুখ্য বন সংৰক্ষক উপস্থিত থাকি অভিযান সুশৃঙ্খল আৰু আইনি পৰিসৰত চলাটো নিশ্চিত কৰে।

WhatsApp Image 2025-08-03 at 7.59.36 PM

উচ্ছেদৰ জৰিয়তে কেৱল অবৈধ দখল শেষ কৰা নহয়, এই অভিযান সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ পুনৰুদ্ধাৰ, জীৱবৈচিত্ৰ্য সংৰক্ষণ আৰু দীৰ্ঘকালীন সেউজ ব্যৱস্থাপনাৰ দিশে এক গুৰুত্বপূর্ণ পদক্ষেপ। এই প্ৰচেষ্টা আগন্তুক দিনতো অব্যাহত থাকিব বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে।

উচ্ছেদ উচ্ছেদ অভিযান