বকলীয়াঘাটত উচ্ছেদ অভিযান অব্যাহত

বকলীয়াঘাট জলসিঞ্চন বিভাগৰ চৰকাৰী ভূমিত অবৈধ দখল মুক্ত কৰিবলৈ সোমবাৰে পুৱাৰ ভাগত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে । উল্লেখ যে, অঞ্চলটোত ৩৫০ বিঘা ভূমিত ৭৫৫ ৰো অধিক বাসগৃহ আছে ।

author-image
Asomiya Pratidin
New Update
658

ডিজিটেল সংবাদ, হাওৰাঘাট : বকলীয়াঘাট জলসিঞ্চন বিভাগৰ চৰকাৰী ভূমিত অবৈধ দখল মুক্ত কৰিবলৈ সোমবাৰে পুৱাৰ ভাগত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰে । উল্লেখ যে, অঞ্চলটোত ৩৫০ বিঘা ভূমিত ৭৫৫ ৰো অধিক বাসগৃহ আছে ।

এই অঞ্চলত ২ হাজাৰৰো অধিক লোকে বসবাস কৰিছিল । ইপিনে অঞ্চলটোত মছজিদো  উচ্ছেদ কৰা হয় । এই উচ্ছেদ অভিযানত ১০ খনকৈ জেচিবি আৰু ৫০০ৰো অধিক নিৰাপত্তা বাহিনীক মোতায়ন কৰা হৈছে  । ইতিমধ্যে উচ্ছেদৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অঞ্চলটোত জাননী জাৰি কৰা হৈছে ।

বকলীয়াঘাট