পাইকান সংৰক্ষিত বনাঞ্চলৰ ১০৩৮ বিঘা ভূমিত উচ্ছেদঃ হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ৰোপণ কৰিব গছ

আজি গোৱালপাৰা জিলাৰ কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান। বিশাল আৰক্ষী বাহিনীৰ উপস্থিতিত প্ৰায় ৫০ খন এক্সকেভেটৰৰে চলিছে এই উচ্ছেদ অভিযান।

author-image
Asomiya Pratidin
New Update
পাইকান সংৰক্ষিত বনাঞ্চলৰ ১০৩৮ বিঘা ভূমিত উচ্ছেদঃ হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ৰোপণ কৰিব গছ

ডিজিটেল ডেস্কঃ বিলাসীপাৰাৰ চাপৰত চলা উচ্ছেদ অভিযানৰ পিছত আজি গোৱালপাৰা জিলাৰ কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান। বিশাল আৰক্ষী বাহিনীৰ উপস্থিতিত প্ৰায় ৫০ খন এক্সকেভেটৰৰে চলা এই উচ্ছেদ অভিযানৰ সময়তো স্থানীয় নাগৰিকৰ সৈতে প্ৰশাসনৰ লোকৰ বাকবিতণ্ডাৰো সৃষ্টি হয়।

Advertisment

তাৰ মাজতে আকৌ ফয়জল হক নামৰ এজন উচ্ছেদিতই আত্মহত্যাৰো চেষ্টা চলাই বুলি জানিব পৰা গৈছে। পিছত তেওঁক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে। নিজৰ ঘৰখন এক্সেভেটৰৰে ভাঙি পেলোৱাৰ দৃশ্য সহ্য কৰিব নোৱাৰিয়েই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। 

একাংশ উচ্ছেদিতই আৰক্ষীক ভাবুকি দিয়াও পৰিলক্ষিত হয়। এগৰাকী যুৱকে কেমেৰাৰ সন্মুখতে আৰক্ষীক লাঠি, বন্দুক এৰি তেওঁলোকৰ লগত যুঁজিবলৈয়ো আহ্বান জনোৱা দৃশ্য ভাইৰেল হৈ পৰিছে। 

উল্লেখ্য যে, পাইকান সংৰক্ষিত বনাঞ্চলৰ ১০৩৮ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে আজি উচ্ছেদ অভিযান চলাইছে। ইয়াত মুঠ ১০৮০ টা পৰিয়ালক উচ্ছেদ কৰা হৈছে।

জানিব পৰা মতে প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতে প্ৰায় ৭০ শতাংশ লোকে নিজেই ঘৰসমূহ ভাঙি তাৰ পৰা আঁতৰি গৈছে। আজি উচ্ছেদৰ সময়ত উচ্ছেদিতই কয়, আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই।কিন্তু আমাক সংস্থাপন দিব লাগিব।

ইফালে একাংশ উচ্ছেদিতই দাবী কৰা মতে তেওঁলোক সেই অঞ্চলৰ স্থানীয় লোক। ইয়াৰ পূৰ্বেও তেওঁলোকক অগপ চৰকাৰৰ দিনত ১৯৯১ চনত, ১৯৯৫ চনত মুঠ তিনিবাৰ উচ্ছেদ চলাইছিল। একাংশ বন বিভাগৰ লোকৰ বিৰুদ্ধে ধন সংগ্ৰহৰো অভিযোগ কৰিছে। আন একাংশই আকৌ তেওঁলোক বনাঞ্চলত বাস কৰা নাই যদিও বনাঞ্চলৰ ভূমিত বাস কৰা দেখুৱাই তেওঁলোকক উচ্ছেদ কৰা হৈছে বুলি অভিযোগ কৰিছে।

মন কৰিবলগীয়া যে, এই পাইকান সংৰক্ষিত বনাঞ্চচলত হাতীৰ বাবে ৰোপণ কৰা হ'ব গছ পুলি। হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে চেষ্টা চলাব বুলিও উল্লেখ কৰিছে প্ৰশাসনে। 

উচ্ছেদ উচ্ছেদ অভিযান কৃষ্ণাই