ধুবুৰীৰ হনুমান মন্দিৰৰ সমীপৰ দোকান-হোটেলত উচ্ছেদ অভিযান...

আজি পুৱা ধুবুৰীৰ হনুমান মন্দিৰৰ চৌহদত সন্দেহজনক গৰুৰ মূৰ আৰু ছাল উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পাছতে ধুবুৰী চহৰত এক চেপা উত্তেজনাই বিৰাজ কৰি আছিল...

author-image
Asomiya Pratidin
New Update
dfd

ডিজিটেল সংবাদ, ধুবুৰী:  ধুবুৰীৰ ৩ নং ৱাৰ্ডৰ হনুমান মন্দিৰত সন্দেহ জনক গৰুৰ মূৰ আৰু ছাল উদ্ধাৰক কেন্দ্ৰ কৰি চেপা উত্তেজনা বিৰাজ কৰি থকাৰ সময়তে আজি সন্ধিয়া ধুবুৰী জিলা প্ৰশাসনে ধুবুৰীৰ উক্ত হনুমান মন্দিৰৰ সমীপৰ কেবাটাও দোকান আৰু ভাতৰ হোটেলত বুলড'জাৰেৰে উচ্ছেদ অভিযান চলাই ঠাইডোখৰ খালি কৰি দিয়ে।

Advertisment

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সেই ঠাইডোখৰত থকা ভাতৰ হোটেলত নিষিদ্ধ গো-মাংসৰ বেহা চলি আছিল। জিলা প্ৰশাসনে ৰাইজৰ অভিযোগৰ প্ৰতি গুৰুত্ব আৰোপ কৰি আজি কেবাটাও দোকান আৰু ভাতৰ হোটেল উচ্ছেদ কৰি দিয়ে। বুলড'জাৰ লগাই পদপথৰ ওপৰত থকা হোটেল আৰু দোকান কেইখন ভাঙি দিয়া হয়।

ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জিলা আৰক্ষী প্ৰশিসনে উক্ত স্থানত আৰক্ষীক সষ্টম কৰি ৰাখিছে ৷ উল্লেখযোগ্য যে, আজি পুৱা ধুবুৰীৰ হনুমান মন্দিৰৰ চৌহদত সন্দেহজনক গৰুৰ মূৰ আৰু ছাল উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পাছতে ধুবুৰী চহৰত এক চেপা উত্তেজনাই বিৰাজ কৰি আছিল।

ধুবুৰী