দিল্লী বিস্ফোৰণৰ সৈতে জড়িত প্ৰতিগৰাকীয়ে তদন্তকাৰী সংস্থাৰ সন্মুখীন হ'ব লাগিবঃ অমিত শ্বাহ

 গৃহ মন্ত্র্যালয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এক বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব অর্পণ কৰিছে। মহানগৰখনৰ সকলো স্পর্শকাতৰ এলেকাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

New Update
1

ডিজিটেল ডেস্কঃ  কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকীয়ে তদন্তকাৰী সংস্থাৰ সম্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰিছে। নতুন দিল্লীত লালকিল্লাৰ সমীপত সোমবাৰে হোৱা গাড়ী বোমা বিস্ফোৰণৰ পাছৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শ্ৰী শ্বাহে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় নিৰাপত্তা বৈঠকত অধ্যক্ষতা কৰে।

গৃহ মন্ত্ৰীগৰাকীয়ে দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী অপৰাধীকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত কেন্দ্রীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালকপ্রধানে অংশগ্রহণ কৰে। জম্মু-কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্রধানেও ভার্চুরেল ব্যৱস্থাৰে এই বৈঠকত অংশগ্রহণ কৰে।

এই সন্দর্ভত হোৱা আন এখন বৈঠকত কেন্দ্রীয় গৃহ সচিবৰ লগতে চোৰাংচোৱা সংস্থাৰ সঞ্চালক, ৰাষ্ট্রীয় তদন্তকাৰী সংস্থাৰ সঞ্চালক, ফৰেনচিক বিজ্ঞান সেৱাৰ সঞ্চালক, এন এছ জিৰ সঞ্চালকপ্ৰধান, দিল্লী ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ মুখ্য সঞ্চালককে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকলে ভাগ লয়।

 গৃহ মন্ত্র্যালয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এক বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব অর্পণ কৰিছে। মহানগৰখনৰ সকলো স্পর্শকাতৰ এলেকাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বিস্ফোৰণৰ কাৰণ উদ্ঘাটন কৰাৰ লগতে জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত প্রশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

দিল্লী আৰক্ষীয়ে বেআইনী কার্যকলাপ প্ৰতিৰোধ আইন, বিস্ফোৰক আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাৰ অধীনত এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে। নিৰাপত্তাজনিত কাৰণত লালকিল্লা মেট্ৰ' ষ্টেচন বন্ধ থাকিব যদিও আন আন ষ্টেচনসমূহত যাতায়াত স্বাভাবিক থাকিব বুলি দিল্লী মেট' ৰে'ল নিগমে প্রকাশ কৰিছে। বুধবাৰেলৈকে লালকিল্লাও দর্শনার্থীসকলৰ বাবে বন্ধ ৰখা হ'ব।

অমিত শ্বাহ